বিজেপিৰ ক’লা দিৱস এটা অপপ্ৰচাৰ : প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈ

Tarun-Gogoi-1-570x320

আজি অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে বিজেপিক কঠোৰ সমালোচনা কৰিছে। তেওঁ কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ বৰ্তমান হতাশ হৈ পৰিছে আৰু ৰাইজৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ক’লা দিৱস উদ্‌যাপন কৰিছে। ক’লা দিৱস উদ্‌যাপন কৰি চৰকাৰে মূল বিষয়ৰ পৰা ৰাইজৰ মনোযোগ আঁতৰাই অনাৰ প্ৰয়াস কৰিছে বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখ্য যে ১৯৭৫ চনত প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ ৪৩ বছৰ পূৰ্তি উপলক্ষে এই ক’লা দিৱস উদ্‌যাপন কৰে গেৰুৱা দলটোৱে।

বিজেপিক আক্ৰমণ কৰি গগৈয়ে কয় যে বিজেপিৰ ‘সব কা সাথ, সব কা বিকাশ’ শ্লোগান ব্যৰ্থ হৈছে আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণ অসফল হৈছে বুলি কয়।

বিজেপিৰ ক’লা দিৱস এটা অপপ্ৰচাৰ বুলিও গগৈয়ে কয়।

তেওঁ কয় যে ইন্দিৰা গান্ধীয়ে মুকলিকৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল আৰু তাৰ এটা ৰাজনৈতিক কাৰণ আছিল। কিন্তু বিজেপিয়ে অঘোষিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু ইয়াৰ কাৰণ সাম্প্ৰদায়িক আৰু ই অধিক ভয়ংকৰ।

তেওঁ আৰু অভিযোগ কৰে যে বিজেপি চৰকাৰে সমগ্ৰ দেশতে সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিছে।

তেওঁ আৰু কয় যে অসমত মনমোহন সিং চৰকাৰে সম্পন্ন কৰা কামৰ এক চতুৰ্থাংশ কামো বিজেপি চৰকাৰে সম্পূৰ্ণ কৰা নাই।

বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ ওপৰতো তেওঁ প্ৰশ্ন তোলে।

২টা বছৰৰ সফল শাসনৰ দাবী কৰা বিজেপি চৰকাৰৰ দিনত আৰক্ষীৰ লোকৰ উপস্থিতিতেই  অসমত গণ প্রহাৰৰ ঘটনা কিয় সংঘটিত হৈ আছে বুলি তেওঁ প্ৰশ্ন কৰে।

অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আঙুলি টোৱাই গগৈয়ে কয় যে মন্ত্ৰীগৰাকী লুই বাৰ্গাৰ কেলেংকাৰিত জড়িত থকাৰ যথেষ্ট সম্ভাৱনা আছে। লুই বাৰ্গাৰ আৰু সাৰদা কেলংকাৰিৰ অনুসন্ধান কিয় বন্ধ কৰা হৈছে বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।