বিদেশী ন্যায়াধিকৰণৰ পৰা সপৰিয়ালে জাননী পোৱা বিজেপি বিধায়কে ক্ষোভ উজাৰিলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ওপৰত

Kishor_Nath

বিজেপিৰ বিধায়ক কিশোৰ নাথ।

বৰাক উপত্যকাৰ কাচাৰ জিলাৰ বৰখলা সমষ্টিৰ বিজেপি বিধায়ক কিশোৰ নাথ আৰু তেওঁৰ পৰিয়ালৰ আন আন সদস্যৰ নামত বিদেশী ন্যায়াধিকৰণে প্ৰেৰণ কৰা জাননী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়কজনে। ন্যায়াধিকৰণৰ সন্মুখত উপস্থিত হৈ বিদেশী নহয় বুলি তথ্যসহ প্ৰমাণ কৰিবলৈ জাননী পোৱা বিধায়কজনে কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ ত্ৰুটিপূৰ্ণ কামৰ বাবেই তেওঁলোক আজি ভুক্তভোগী।

তেওঁ অদ্ভুত যুক্তি দি কয়, “পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ভুলৰ বাবেই আজি আমি ভুক্তভোগী। পূৰ্বৰ চৰকাৰৰ দিনত দিনতো এন আৰ চিৰ কাম চলি আছিল। সেই সময়ত কংগ্ৰেছ চৰকাৰে বিদেশী ধৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীৰ সীমান্ত শাখাক। চৰকাৰী নিৰ্দেশ পোৱাৰ পিছত চাকৰি বচাবলৈ উপায় নাপাই কিছুমান বিষয়াই ঘৰ নাইবা কাৰ্যালয়তে বহি কিছুমান মানুহৰ নাম সন্দেহযুক্ত বাংলাদেশী বুলি তালিকা বনাইছিল। তেনেকৈয়ে মোৰ লগতে মোৰ পৰিয়ালৰ নামো আহিছে।”

উল্লেখযোগ্য যে যোৱা ১৬ মে’ত বিদেশী ন্যায়াধিকৰণৰ পৰা বিধায়কজনৰ লগতে বিধায়কজনৰ পত্নী নীলিমা নাথ, ভায়েক মতিলাল নাথ, প্ৰদীপ নাথ, জগদীশ নাথ আৰু মাণিক নাথলৈ জাননী গৈছে। ইয়াৰ উপৰি বিধায়কজনৰ খুলশালীয়েক ৰাখী নাথলৈও জাননী যোৱা বুলি জানিব পৰা গৈছে। তেওঁলোকক কাচাৰ জিলাৰ বিদেশী ন্যায়াধীকৰণে এই জাননী দিছে। বিধায়কসহ আটাইকে জুন মাহৰ মাজভাগত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে বিদেশী ন্যায়াধিকৰণে।

“মই এই ঘটনাত আচৰিত হৈছো। আদালতৰ পৰা যিহেতু জাননী পাইছো, আদালতৰ জাননীক সন্মান জনাইছো। আদালতত নথি–পত্ৰ দাখিল কৰিলে সকলো স্পষ্ট হ’ব। আমাৰ তিনিটা প্ৰজন্ম ইয়াত আছো, একেটা ঘৰতে এতিয়ালৈকে আছো। ঘৰ–মাটি–গাঁও একো সলনি কৰা নাই। মই এজন জনপ্ৰতিনিধি, নিৰ্বাচনত জিকি আহিছো। জনপ্ৰতিনিধিৰ ক্ষেত্ৰতে যদি এনেকুৱা হয়, সাধাৰণ ৰাইজৰ কি হ’ব।”

উল্লেখযোগ্য যে হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ বিষয়টোৱে সমগ্ৰ ৰাজ্য উত্তাল কৰি থকাৰ সময়তে এই খবৰটোক কেন্দ্ৰ কৰি ৰাজ্যত সৰৱ আলোচনা হৈছে। হিন্দু বাংলাদেশীক বিজেপিয়ে নাগৰিকত্ব দিয়াৰ সপক্ষে থকাৰ অন্তৰালৰ কাৰণ হিচাপে ইয়াক গ্ৰহণ কৰাৰ চেষ্টা কৰা দেখা গৈছে।

ইফালে, বিধায়কজন আৰু তেওঁৰ পৰিয়ালটোলৈ বিদেশী ন্যায়াধিকৰণে জাননী প্রেৰণ কৰাত বিস্ময় প্রকাশ কৰে বৰখলাৰ প্রাক্তন বিধায়িকা ডাঃ ৰুমী নাথে।