ধুবুৰীৰ বিদ্যালয়সমূহত সংঘটিত অনিয়মৰ বিষয়া পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

Dhubri-story-

ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত এখন নিম্ন প্ৰাথমিক বিদ্যালয়ত  টেট শিক্ষকৰ দ্বাৰা নীতি বহিৰ্ভূতভাৱে ভাৰাতীয়া শিক্ষক নিয়োগ কৰাৰ ঘটনাত প্ৰধান শিক্ষককে ধৰি তিনিজন শিক্ষক দোষী সাব্যস্ত হোৱাৰ পাছত শেহতীয়াকৈ ধুবুৰী জিলাৰ বিদ্যালয়সমূহৰ সাম্ভাব্য অনিয়মৰ ওপৰত এটা বিষয়া পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে।

ধুবুৰী জিলাৰ উপায়ুক্ত অনন্ত লাল গিয়ানীয়ে কৈছে যে এই অইযুক্ত শিক্ষককেইজনৰ বিৰুদ্ধে দক্ষিণ শালমাৰা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪২০ (প্ৰতাৰণা)/ ৪০৬/৪০৯ ৰ (চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা অপৰাধমূলক বিশ্বাসভংগ) অধীনত  এটা গোচৰ ৰুজু কৰা হৈছে।

শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ পাছত যাতে শিক্ষাৰ পৰিৱেশ বিঘ্নিত নহয় তাৰ বাবে ওচৰৰ বিদ্যালয়ৰ পৰা অতিৰিক্ত শিক্ষক আনি ১৪৮০ নং কাতিয়াৰ আলগা নিম্ন প্ৰাথমিক বিদ্যালয়ত নিয়োগ কৰা হয় তাৰ বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈ নিৰ্দেশনা জাৰী কৰিছে ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) এছ এ আহমেদে।

ধুবুৰী জিলাৰ উপায়ুক্তই এই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যে জিলাখনৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকললৈ তেওঁলোকৰ এক্তিয়াৰৰ ভিতৰুৱা প্ৰত্যেকখন বিদ্যালয়ৰে পুংখানুপুংখ পৰীক্ষা কৰি কোনো অনিয়ম আছে নেকি তাক জনোৱাৰ বাবে কঢ়া নিৰ্দেশ জাৰী কৰিছে। অন্যথা কৰ্তব্যত অৱহেলা কৰা শিক্ষা বিষয়াসকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ প্ৰকাশ কৰিছে।

শিক্ষা বিষয়াসকলে বিদ্যালয়ত তদন্ত কৰা কালত তেওঁলোকক যিকোনো অবাঞ্চিত পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ বাবে আৰু যাতায়াতৰ সুবিধাৰ বাবে প্ৰয়োজনীয় নাও আৰু নিৰাপত্তাৰক্ষী প্ৰদান কৰাৰ বাবে সীমা সুৰক্ষা বাহিনীক নিৰ্দেশ দিয়া হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ  দিয়ে।

উল্লেখ্য যে ভাৰত-বাংলাদেশ সীমাত থকা চালাকুৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৪৮০ নং কাতিয়াৰ আলগা নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নুৰ মহম্মদক ঘোচ খুৱাই টেট শিক্ষক আয়ুবুদ্দিন আলীয়ে ৫,০০০ টকাকৈ প্ৰতি মাহে দি মফিজুল হক নামৰ শিক্ষকজনক ভাড়াতীয়া শিক্ষক হিচাপে নিয়োগ কৰিছিল। সোমবাৰে এই ঘটনাৰ সৈতে জড়িত তিনিওজনকে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।