বিধানসভা অধিৱেশনৰ অন্তিম দিনা অধ্যক্ষই ঘোষণা কৰিলে শ্ৰেষ্ঠ সাংবাদিক আৰু বিধায়কৰ নাম

বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ শুকুৰবাৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এক সংবাদমেল আয়োজন কৰে।

উল্লেখযোগ্য যে সংবাদমেলত বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে শ্ৰেষ্ঠ বিধায়ক আৰু শ্ৰেষ্ঠ সাংবাদিকৰ নাম ঘোষণা কৰে। অধ্যক্ষগৰাকীয়ে শ্ৰেষ্ঠ বিধায়ক হিচাপে জনাইৰ বিধায়ক ভূৱন পেগুৰ নাম ঘোষণা কৰাৰ বিপৰীতে শ্ৰেষ্ঠ সাংবাদিক হিচাপে ঘোষণা কৰে ‘দৈনিক অসমৰ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী আৰু ‘দৈনিক অগ্ৰদূত’ কাকতৰ সাংবাদিক অৰূপজ্যোতি মহন্তৰ নাম।

সংবাদমেলতে অধক্ষ্য গৰাকীয়ে শ্ৰেষ্ঠ সাংবাদিক দুগৰাকীক ১ লাখ টকাকৈ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে অধক্ষ্য গৰাকীয়ে অধিৱেশনৰ অন্তিম দিনা বিধানসভাৰ মজিয়াত চাহ জনগোষ্ঠীৰ ওপৰত প্ৰায় ৯ ঘণ্টা ধৰি আলোচনা কৰা হয় বুলিও জানিবলৈ দিয়ে।

এই আলোচনাত ২৯ জন বিধায়কে অংশ গ্ৰহণ কৰা বুলি জানিবলৈ দি অধক্ষ্য গৰাকীয়ে কয় যে চাহ জনগোষ্ঠীৰ সমস্যা পৰ্যবেক্ষণৰ বাবে পৰ্যৱেক্ষক নিয়োগ কৰা হ’ব। লগতে এই পৰ্যৱেক্ষকৰ দায়িত্ব অৱসৰপ্ৰাপ্ত ন্যায়াধীশক প্ৰাদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।