বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ফেচবুকত চলোৱা অপপ্ৰচাৰৰ প্ৰতিবাদত জাঁজীত ঘাইপথ অৱৰোধ

পথ অৱৰোধ

ছচিয়েল মিডিয়া ফেচবুকত আমগুৰি সমষ্টিৰ বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাৰ লগতে অসম বিধানসভাৰ সদন কমিটীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ প্ৰতিবাদত আজি শিৱসাগৰ জিলাৰ জাঁজীত অসম যুৱ পৰিষদৰ আমগুৰি সমষ্টি কমিটিয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে।

উল্লেখ্যযোগ্য যে যোৱা ২২ মে’ত অসম বিধান সভাৰ জ্যেষ্ঠ বিধায়ক অতুল বৰাৰ নেতৃত্বত কেইবাগৰাকী বিধায়কেৰে গঠিত সদন কমিটীয়ে আমগুৰিৰ সৌৰ শক্তি প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লৈছিল। ইয়াৰ পিছত স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু জিলাখনৰ বিভিন্ন উচ্চ পদস্থ বিষয়া, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকলে এক চাহ মেলত অংশ লয়।

কিন্তু উক্ত চাহ মেলত বিষয়ববীয়া সকলে পৰিৱেশন কৰা ফলৰ ৰসক সুৰা বুলি একাংশ দুষ্কৃতিকাৰীয়ে ফেচ বুকত প্ৰচাৰ চলায়।

ফলত এই গৰ্হিত কাৰ্যৰ প্ৰতিবাদত আজি দিনৰ ১২-৩০ বজাত অসম যুৱ পৰিষদৰ আমগুৰি সমষ্টি কমিটিয়ে জাঁজীত এক প্ৰতিবাদী পথ সভা অনুষ্ঠিত কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটো অৱৰোধ কৰে। প্ৰায় আধা ঘন্টা ধৰি পথ অৱৰোধ কৰাৰ পাছত আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয়।

ইয়াৰ পিছতে প্ৰতিবাদকাৰী সকলে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসম বিধান সভাৰ অধ্যক্ষ লৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে।