• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

বিবদমান ভূমিত অৰুণাচল চৰকাৰে নিৰ্মাণ কৰা টুৰিষ্ট ল’জ উচ্ছেদ কৰিলে অসম চৰকাৰে

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 9, 2017 11:43 am
বিবদমান ভূমিত অৰুণাচল চৰকাৰে নিৰ্মাণ কৰা টুৰিষ্ট ল’জ উচ্ছেদ কৰিলে অসম চৰকাৰে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ নামনি সোৱণশিৰি জিলাৰ ডলুংমুখৰ পৰা ৭ কিলোমিটাৰ আঁতৰৰ খেৰবাৰী গাওঁত অৰুণাচল চৰকাৰে সাজি  থকা কমেও পাঁচটা টুৰিষ্ট ল’জ অসম চৰকাৰৰ বিষয়াৰ নেতৃত্বত যোৱা এটি দলে শুকুৰবাৰে উচ্ছেদ কৰে।

জানিব পৰা মতে এই উচ্ছেদ অভিযানৰ নেতৃত্ব দিছিল উত্তৰ লখিমপুৰৰ উপায়ুক্ত বৰুণ ভূঞাৰ লগতে উত্তৰ লখিমপুৰৰ আৰক্ষী অধীক্ষক, বন সংমণ্ডল বিষয়া আৰু ভাৰতীয় বায়ুসেনা বাহিনী তথা অৰ্দ্ধ সামৰিক বাহিনীৰ বিষয়াৰ এটি দলে।

উত্তৰ লখিমপুৰৰ উপায়ুক্ত বৰুণ ভূঞাই তেওঁৰ নেতৃত্বতে এই উচ্ছেদ সম্পন্ন হোৱা বুলি নিশ্চিত কৰিছে। তেওঁ প্ৰকাশ কৰা মতে ভাৰতীয় বায়ুসেনা বাহিনীৰ পৰা অহা এক অনুৰোধ মৰ্মে এই উচ্ছদ কাৰ্য চলোৱা হৈছে। বায়ুসেনাৰ পৰা জনোৱা মতে টুৰিষ্ট ল’জ নিৰ্মাণ কৰা ঠাইখিনি তেওঁলোকৰ বোমা পৰীক্ষণ অনুশীলন অঞ্চলৰ ভিতৰত পৰে।

অৰুণাচল সীমান্তত থকা খেৰবাৰী গাওঁৰ নিৰ্মাণসমূহ শুকুৰবাৰে ৰাতিপুৱা ৯-১৫ বজাতে ভাঙি উচ্ছেদ কৰা হয়। উচ্ছেদ চলি থকা সময়ত উপস্থিত থকা ডলুংমুখৰ চক্ৰ বিষয়াগৰাকীয়ে জানিব দিয়া মতে তেওঁ অসমৰ বিষয়াৰ পৰা উচ্ছেদ সম্পৰ্কত কোনো জাননী লাভ কৰা নাছিল। তেওঁ যেতিয়া ঘটনাস্থলীত উপস্থিত হৈছিল তেতিয়া পাঁচটা নিৰ্মাণৰত গৃহ আৰু সীমা বেৰবোৰ ভাগি সমাপ্ত কৰিছিল।

চক্ৰ বিষয়াগৰাকীয়ে এই উচ্ছেদ কাৰ্যৰ প্ৰতিবাদ কৰাৰ সময়ত উত্তৰ লখিমপুৰৰ উপায়ুক্তগৰাকীয়ে জানিব দিছিল যে তেওঁ এই বিষয়ে নামনি সোৱণশিৰিৰ উপায়ুক্ত আৰু পৰ্যটন সঞ্চালকগৰাকীক জনাইছিল। চক্ৰ বিষয়াগৰাকীয়ে লগতে কয় যে তেওঁলোকে বাৰম্বাৰ অনুৰোধ কৰা সত্বেও তেওঁলোকৰ নেতৃত্বত অহা অৰ্দ্ধসামৰিক বাহিনীৰ লোকসকলে নিৰ্মাণসমূহ ভাগি পেলাইছিল।

চক্ৰ বিষয়াগৰাকীৰ ভাষ্যৰ বিপৰীতে উত্তৰ লখিমপুৰৰ উপায়ুক্তগৰাকীয়ে কয় যে এই উচ্ছেদ অভিযান ভাৰতীয় বায়ুসেনা বাহিনীৰ অনুৰোধৰ ভিত্তিতহে কৰা হৈছে।

‘’মই নামনি সোৱণশিৰিৰ উপায়ুক্ত আৰু পৰ্যটন সঞ্চালকলৈ বিবদমান অঞ্চলত নিৰ্মাণ সম্পৰ্কত  কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰিছিলো, কিন্তু মই তেওঁলোকৰ পৰা কোনো সঁহাৰি নাপালো,’’-তেওঁ কয়। উপায়ুক্তগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অসমৰ ফালৰ পৰা সীমান্ত অঞ্চলটোত কোনোধৰণৰ নিয়ম উলংঘাৰ কাম কৰা নাই। কিন্তু অৰুণাচল চৰকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰি এই নিয়ম উলংঘা কৰিছে।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm
সিন্ধু জল সন্ধিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ’ল, নেহৰুৱেও স্বীকাৰ কৰিছিল- দাবী প্ৰধানমন্ত্ৰী মোদীৰ

সিন্ধু জল সন্ধিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ’ল, নেহৰুৱেও স্বীকাৰ কৰিছিল- দাবী প্ৰধানমন্ত্ৰী মোদীৰ

August 19, 2025 3:53 pm
‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

August 19, 2025 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd