বিভিন্ন ৰাজনৈতিক দলে বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা লৈছে : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

13-06-18 Guwahati- AASU and 28th ethnic organization meeting (1)

ফাইল ছবি।

‘বিভিন্ন ৰাজনৈতিক দলে অবৈধ বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা লৈছে। তেখেতসকলৰ মূল লক্ষ্য খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভৱিষ্যত নহয়, তেওঁলোকে অবৈধ বাংলাদেশীৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰাৰ ওকালতি কৰা দেখিবলৈ পাইছো।‘

বুধবাৰে পানবজাৰস্থিত হোটেল প্ৰাগ কন্টিনেন্টেলত ২৮ জনগোষ্ঠীয় সংগঠনৰ বৈঠকৰ অন্তত এক সংবাদমেলযোগে এই মন্তব্য কৰে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

তেওঁ লগতে ‘এন আৰ চি প্ৰক্ৰিয়াত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাকে কেন্দ্ৰ কৰি সকলো বিষয়া-কৰ্মচাৰীয়ে জাতীয় দায়িত্ব হিচাপে কাম কৰি আছে‘ বুলি সদৰী কৰি কয় যে খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যত এই বিষয়া কৰ্মচাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰিছে।

‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে, সেই সময়তে অবৈধ বাংলাদেশীয়ে নিজৰ নামটো এন আৰ চিত অন্তর্ভুক্ত কৰাৰ বাবে উঠি-পৰি লাগি আছে। কোনো কাৰণতে যাতে অবৈধ বাংলাদেশীৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত নহয়, তাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা চৰকাৰে ল’ব লাগিব,- এইদৰে কয় ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

তাৎপৰ্য্যপূৰ্ণভাৱে তেওঁ মহা পঞ্জীয়ক বা যুটীয়া সচিব গৰাকীক মুকলি আহ্বান জনাই কয় যে কোনো অবৈধ বাংলাদেশীৰ নাম ৰাষ্ট্রীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত নহয়, তাৰ বাবে তেখেতসকলে যাতে ব্যৱস্থা হাতত লয়।

আনহাতে, আছুৰ নেতাগৰাকীয়ে কোনো ৰাজনৈতিক দলৰ হেঁচাত পৰি যাতে তেওঁলোকে বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত নকৰিবৰ বাবে আহ্বান জনায়।