বিশ্বনাথত বৰ অসম ক্ৰিয়েচনৰ মডেলিঙৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীৰে মত-বিনিময়; অভিনন্দন

বিশ্বনাথ চাৰিআলিৰ মধুপুৰস্থিত ছেম্পিয়নছ মেকাৰ একাডেমিত বৰ-অসম ক্ৰিয়েচনৰ তৰফৰ পৰা উক্ত মঞ্চৰ জৰিয়তে আত্মপ্ৰকাশ কৰা আৰু বিশ্বনাথৰ যি সকল মডেলে উত্তৰপূৰ্বাঞ্চলকে ধৰি অসমৰ বিভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খিতাপ অৰ্জন কৰিছিল তেওঁলোকক শুকুৰবাৰে অভিনন্দন জ্ঞাপন কৰে।

তেওঁলোকক বৰ-অসম ক্ৰিয়েচনৰ সঞ্চালিকা ৰশ্মি বৰুৱাই এখন ফুলাম গামোচা, এটি ফুলৰ থোপা আৰু এখন অভিনন্দন পত্ৰৰে সকলোকে অভিনন্দন জ্ঞাপন কৰাৰ  লগতে ফেচন আৰু মডেলিঙৰ প্ৰতি আগ্ৰহী যুৱক- যুৱতী সকলৰে সৈতে এক মত বিনিময়ৰ অনুষ্ঠানো অনুষ্ঠিত হয় ৷
উক্ত অনুষ্ঠানত  উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত হৈ যোৱা ‘নৰ্থ ইষ্ট ডিভা ২০১৬’ আৰু  ‘ছানছিলিক মেগা মিছ্ ২০১৮’ৰ চূড়ান্ত প্ৰতিযোগী বিশ্বনাথ চাৰিআলিৰ হিমাশ্ৰীতা শইকীয়া ‘নৰ্থ ইষ্ট ডিভা ২০১৮’ৰ দ্বিতীয় শ্ৰেষ্ঠ জামুগুৰিহাটৰ নয়না শইকীয়া, ‘গাৰ্নিয়াৰ মেগা মিষ্টাৰ ২০১৮’ৰ দ্বিতীয় শ্ৰেষ্ঠ তেজপুৰৰ হীৰকজ্যোতি কলিতা, ‘ছানছিলিক মেগা মিছ্ ২০১৮’ৰ দ্বিতীয় শ্ৰেষ্ঠ খিতাপ লাভ কৰা বিশ্বনাথ চাৰিআলিৰ কল্যাণপুৰৰ জ্যোতিস্মীতা বৰুৱা ‘অল অসম মিচ্ চামাৰ ২০১৮’ৰ মিচ্ ষ্টাইল আইকন খিতাপ লাভ কৰা বিহালীৰ ৰাগিনী কাশ্যপ।
‘নৰ্থ অসম এনঞ্জেলিক ২০১৮’ৰ মহিলা শিতানৰ বিজয়ী বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ প্ৰস্তুতি শইকীয়া, ‘নৰ্থ অসম এনঞ্জেলিক ২০১৮’ৰ যুৱতীৰ শিতানত প্ৰথম স্থান লাভ কৰা বিশ্বনাথৰ বাঘমাৰী চাহ বাগিচাৰ তৃষ্ণা তাঁতী, তেজপুৰত অনুষ্ঠিত হোৱা ‘মিছ শোণিতপুৰ ২০১৮’ খিতাপ বিজয়ী বিশ্বনাথ চাৰিআলিৰ মধুপুৰৰ মাচুম চৌধুৰী, ‘মিচেছ বিশ্বনাথ ২০১৭’ৰ বিজয়ী জাহ্নৱী বৰুৱা বৰদলৈ, দ্বিতীয় শ্ৰেষ্ঠ বীনাপানি বৰা, ‘সদৌ অসম সৌন্দৰ্য প্ৰতিযোগিতা’ৰ বিজয়ী কৃষ্ণালী ভূঞাৰ লগতে ‘নৰ্থ অসম এনঞ্জেলিক ২০১৮’ৰ শিশু শিতানত প্ৰথম স্থান লাভ কৰা বিশ্বনাথ চাৰিআলিৰ জীয়া স্বৰ্গীয়াৰী আৰু ‘লক্ষীমপুৰ ২০১৮’ৰ শিশু শিতানত প্ৰথম স্থান লাভ কৰা য়াংচু শইকীয়াক অভিনন্দন জ্ঞাপন কৰা হয় ৷