বিশ্বনাথৰ পানীভঁৰালত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

ৰাজ্যত অব্যাহত থকা কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানৰ মাজতে আজি বিশ্বনাথত অনুষ্ঠিত এক ব্যতিক্ৰমী অনুষ্ঠানত অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা কেইগৰাকীমান কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পানীভঁৰাল শাখাৰ সহযোগত বিশ্বনাথৰ পানীভঁৰালৰ ৰাধাকৃষ্ণ প্ৰণামী মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত এই বিশেষ অভিনন্দন অনুষ্ঠানত বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩৯ গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

নোমল উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অভিনন্দন অনুষ্ঠানত প্ৰায় দুই শতাধিক লোক উপস্থিত আছিল। গোৰ্খা ছাত্ৰ সন্থাৰ কেইবাজনো বিষয়ববীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা উক্ত অনুষ্ঠানত দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান NIT ত স্থান লাভ কৰি বিশ্বনাথলৈ সুনাম কঢ়িয়াই অনা অভিনয়ন গজুৰেলক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়।

তদুপৰি সুখ্যাতিৰে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক একোখন কৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় |