অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এক সুখবৰ। ভাৰত তথা অসমৰ আগশাৰীৰ বক্সাৰ শিৱ থাপাই বিশ্ব পেচাদাৰী ছিৰিজ বক্সিঙত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি বহু দিনৰ বিৰতিৰ অন্তত শক্তিশালী ৰূপত বক্সিং ৰিঙলৈ প্ৰত্যাৱৰ্তন কৰে।
হাৰিয়ানাৰ ৰোহতকৰ ৰাষ্ট্ৰীয় বক্সিং একাডেমিত চলি থকা বিশ্ব পেচাদাৰী ছিৰিজত শিৱই গ্ৰুপ চিৰ এখন মেচত ইণ্ডিয়ান টাইগাৰ্ছৰ হৈ খেলি ৰাছিয়াৰ প্ৰতিপক্ষ আছকেৰভ ছামিলক পৰাস্ত কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে প্ৰতিযোগিতাখনত ইণ্ডিয়ান টাইগাৰ্ছৰ হৈ দ্বিতীয়বাৰৰ বাবে খেলা শিৱই পেট্ৰিয়ট বক্সিং দলৰ খেলুৱৈ আছকেৰভ ছামিলক ৪৮-৪৫, ৪৬-৪৭ আৰু ৪৭-৪৬ৰ ব্যৱধানত পৰাস্ত কৰে।
মেচখনত প্ৰতিপক্ষৰ খেলুৱৈৰ সন্মুখত অতি আক্ৰমনাত্মক তথা কোনো শংকা নোহোৱাকৈয়ে অৱতীৰ্ণ হোৱা শিৱই অৱশ্যে মেচখনৰ তিনিওজন বিচাৰকৰে মন জয় কৰিবলৈ সক্ষম নহ’ল।
ইফালে বিশ্ব চেম্পিয়নশ্বীপ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক বিজয়ী শিৱই আঘাত জনিত সমস্যাৰ বাবে সদ্যসমাপ্ত কমনৱেল্থ গেমছত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। কিন্তু বহু দিনৰ মূৰত বক্সিং ৰিঙত নমা শিৱক এই বিজয়ে মানসিকভাৱে উৎসাহ তথা শক্তি প্ৰদান কৰিব বুলিও ক্ৰীড়াপ্ৰেমী সকলে মন্তব্য কৰে।
মনকৰিবলগীয়া যে পেছাদাৰী বক্সিঙৰ ৬০ কেজি শাখাত উজলি উঠা বক্সাৰ শিৱ থাপাক অসম এমেছাৰ বক্সিং সন্থাই অভিনন্দন জ্ঞাপন কৰে।