বি টি চিৰ বনাঞ্চল সুৰক্ষিত কৰাৰ দায়িত্ব বি টি চি চৰকাৰৰ : বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

pramilarani brahma

বি টি চিৰ বনাঞ্চল সমূহ সুৰক্ষিত হ’লেহে বনৰীয়া জীৱ-জন্তুৰ উপদ্ৰৱ কমিব। নহ’লে বনৰীয়া হাতীয়ে এনেদৰে উপদ্ৰৱ কৰিয়ে থাকিব। বি টি চিৰ বনাঞ্চল সমূহ সংকুচিত হৈ আহিছে, এইটো বৰ চিন্তনীয় বিষয়। বি টি চিৰ বনাঞ্চল সমূহ সংৰক্ষিত কৰাটো বি টি চি চৰকাৰৰ প্ৰধান দায়িত্ব। সেয়ে বনাঞ্চল সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা লওক বি টি চি চৰকাৰে। এই মন্তব্য অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ।

ওদালগুৰি জিলাৰ অসম-ভূটান সীমান্তৰ গৰুৱাঝাৰত জিলা বন সংমণ্ডল বিষয়া মাধুৰ্য কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকি বন মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। উক্ত সভাত বন মন্ত্ৰীগৰাকীয়ে বনৰীয়া হাতীৰ আক্ৰমণত নিহতৰ পৰিয়ালক ৪ লাখ টকাৰ চেক বিতৰণ কৰে।

ইয়াৰ উপৰি উক্ত কাৰ্যসূচীৰ পাছতেই বন মন্ত্ৰী ব্ৰহ্মই ভূটান সীমান্তত অৱস্থিত বৰনদী অভয়াৰণ্য পৰিদৰ্শন কৰি বন কৰ্মীসকলৰ লগত মত বিনিময় কৰে। তাৰোপৰি গৰুৱাঝাৰৰ শিক্ষাৰ্থীসকলে কৰা বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে বন মন্ত্ৰী প্ৰমালাৰাণী ব্ৰহ্মই।

আনহাতে উক্ত অনুষ্ঠানতে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান পৰিক্ৰমা মন্ত্ৰী ৰিহণ দৈমাৰীও উপস্থিত থাকে। দৈমাৰীয়ে উজলা গেছ আঁচনিত কেলেংকাৰী হোৱাৰ কথা কৈ তেনে গেছ এজেঞ্চীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে। তাৰোপৰি ভেৰগাঁও খাদ্য আৰু অসামৰিক যোগান বিভাগত দুৰ্নীতিৰ কথা স্বীকাৰ কৰি তদন্তৰ ঘোষণা কৰে।

সভাত বি টি চি ই এম জগদীশ সৰকাৰ, বি টি চি উপাধ্যক্ষ নেৰছন বড়ো, এম চি এল এ সুৰেশ তাঁতী, বিধায়িকা কমলা বসুমতাৰীৰ লগতে ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতৰ জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপেও অংশগ্ৰহণ কৰে।