বৃহত্তৰ উলুবাৰী জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

আজি বৃহত্তৰ উলুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ উদ্যোগত শ্ৰী হনুমান ট্ৰাষ্ট, জি. এল. পি. ছ’চিয়েল চাৰ্কোলৰ তত্ত্বাৱধানত আৰু জীৱনৰাম মুংগীদেৱী চেৰিটেবল ট্ৰাষ্ট শ্বিলং, গুৱাহাটীৰ সহযোগত উলুবাৰী শিৱ মন্দিৰ প্ৰাংগণত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। ‘বৃদ্ধ নোহোৱাৰ সংকল্প’ সাৰোগত কৰি জ্যেষ্ঠ লোকসকলৰ শৰীৰ সুস্থ ৰাখিবলৈ প্ৰত্যেক ৰবিবাৰে এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। আজি লায়ন্স আই হস্পিটেলৰ সহযোগিতাত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে সমাজ সেৱিকা এল কৰুণা দেৱীয়ে। আজিৰ এই শিবিৰত উপস্থিত থাকে বিশিষ্ট সমাজ সেৱক তথা বৃহত্তৰ উলুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ সভাপতি তথা জি এল পি ছ’চিয়েল চাৰ্কোলৰ অধ্যক্ষ জি এল আগৰৱালা, সন্থাৰ উপ-সভাপতি ৰাম অৱতাৰ ভাৰতীয়, সাধাৰণ সম্পাদক ইমৰান আলী, উপ-সভাপতি ধৰ্মেশ্বৰ বৰ্মন আৰু সদস্য অশোক গংগোৱাল, লায়ন্স ক্লাবৰ সভাপতি আৰু সম্পাদক ক্ৰমে প্ৰকাশ চিকাৰীয়া আৰু সুনীল আগৰৱাল, সঞ্চালক দলজিৎ সিং আৰু ডাঃ ভাস্কৰ চৌধুৰী। এই বিনামূলীয়া শিৱিৰটোত আজি গুৱাহাটীৰ ৮০জনতকৈ অধিক জ্যেষ্ঠ নাগৰিকৰ ৰক্তচাপ, ওজন, মধুমেহ, চকু আদি পৰীক্ষা কৰা হয় বিভাগীয় চিকিৎসক ডাঃ ধৃতিমণি বৈশ্য, ডাঃ দীপাঞ্জলী কলিতা আৰু কল্পনা কলিতাৰ দ্বাৰা। ৯ বজাত আৰম্ভ হোৱা অনুষ্ঠানটো দিনৰ ১ বজাত শেষ হয়।