বেতন বৃদ্ধিৰ দাবীত আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকে বন্ধ ৰাখিলে বাগানৰ কাম-কাজ

Representative Image of Tea Garden

অসম চাহ মজদুৰ সংঘই আহ্বান কৰা চাহ বাগিচা বন্ধৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোবোৰ চাহ বাগিচাৰ কাম কাজ আজি স্তব্ধ হৈ পৰে। চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি তথা অন্যান্য সা-সুবিধা প্ৰদান নকৰাৰ বাবে আজি চাহ বাগিচাৰ কাম-কাজ বন্ধ ৰাখি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চাহ মজদুৰসকলে।

আজিৰ এই প্ৰতিবাদ সম্পৰ্কত অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন চন্দ্ৰ কেওটে কয়, ‘২০১৭ চনৰ ৩১ ডিচেম্বৰতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি চুক্তিৰ ম্যাদ উকলি গৈছিল। কিন্তু তেতিয়াৰে পৰা আজিলৈকে কোনো নতুন চুক্তি কৰা হোৱা নাই। মজুৰি বৃদ্ধি সম্পৰ্কত ৰাজ্য চৰকাৰে যোৱা বছৰতে ৰাজ্যৰ শ্ৰম মন্ত্ৰীক অধ্যক্ষৰূপে লৈ মজুৰি বৃদ্ধি সম্পৰ্কীয় এখন সমিতি গঠন কৰি দিছে যদিও এতিয়ালৈ এই সম্পৰ্কত সমিতিয়ে কোনো সিদ্ধান্ত লোৱা দেখা হোৱা নাই’।

প্ৰাপ্ত খবৰ অনুসৰি শ্ৰমিকসকলে বাগিচা পৰিচালকসকলৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰি বাগানৰ শ্ৰমিকসকলে নিজৰ নিজৰ ঘৰত ব্যক্তিগত বিদুৎ মিটাৰ সংস্থাপনৰো দাবী জনায়।

শ্ৰমিকৰ মজুৰি বৃদ্ধি সম্পৰ্কত কেওটে আৰু কয়, ‘ ৰাজ্য চৰকাৰে ২০১৪ চনতে অধিসূচনা জাৰি কৰি কৈছিল যে শ্ৰমিকসকলে ১৪০ টকাকৈ দৈনিক মজুৰি লাভ কৰিব। কিন্তু এতিয়ালৈ এই সম্পৰ্কত কোনো ব্যৱস্থা লোৱা হোৱা পৰিলক্ষিত হোৱা নাই। কিছু শ্ৰমিকে ১৩৭ টকা পায় আৰু কিছুমানে ১৩৭ টকাৰো কম পায়। চৰকাৰে অতি শীঘ্ৰে মজুৰি বৃদ্ধি সম্পৰ্কত ব্যৱস্থা ল’বলৈ আমি দাবী জনাইছো।

উল্লেখ্য যে অসমত সৰ্বমুঠ ৭৯২ খন পঞ্জীয়নভূক্ত চাহ বাগিচা আছে। আৰু ইয়াৰে ৬৮৫ খন ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু ১০৭ খন বৰাক উপত্যকাত আছে।

অসম কোম্পানী লিমিটেডৰ ১৪ খন বাগানৰ এতিয়া দেওলীয়া অৱস্থা। এই বাগানসমূহত নিয়োজিত হৈ থকা শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য ৰেচন সমূহো পোৱা নাই যাৰ ফলত শ্ৰমিকসকল হতাশাগ্ৰস্ত হোৱা বুলি কেওটে উল্লেখ কৰে।