বৈষ্ণৱ পণ্ডিত যোগেশ আতৈৰ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে

বৈষ্ণৱ পণ্ডিত যোগেশ আতৈ

শ্ৰীশ্ৰীবটদ্ৰবা থানৰ একনিষ্ঠ সেৱক, বৰ নাম লগুৱা, থানৰ ভঁ‌ৰালী তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত যোগেশ আতৈ সম্প্ৰতি যকৃত ৰোগত আক্ৰান্ত হৈ বটদ্ৰবা থান পৰিচালনা সমিতিৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। কিন্তু বৰ্তমান গুৰুত্বৰভাৱে অসুস্থ হোৱাত উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে।

জীৱনৰ বাটত ৫০ টাৰো  অধিক বছৰ গুৰুজনাৰ জীৱন আদৰ্শক সাৰোগত কৰি বটদ্ৰবা থানৰ চৈধ্য প্ৰসংগ, গীত-মাত, অংকীয়া ভাওনা, নাম-প্ৰসংগৰ প্ৰণালীবদ্ধ চৰ্চাত ওৰে দিন  ব্ৰতী হৈ থকা এইগৰাকী মহান বৈষ্ণৱৰ কাৰণে থান পৰিচালনা সমিতিৰ তৰফৰ পৰা সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে অলপতে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীক সাক্ষাৎ কৰি শ্ৰী শ্ৰী বটদ্ৰবা থানৰ সৰ্বাংগীন উন্নয়ন, বিকাশৰ লগতে বিশিষ্ট বৈষ্ণৱ পণ্ডিতগৰাকীৰ স্বাস্থ্যসন্মত সকলো বিষয় বিতংভাবে অৱগত কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে প্ৰেছ উপদেষ্টাগৰাকীয়ে বৈষ্ণৱ পণ্ডিত যোগেশ আতৈক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰাৰ সন্দৰ্ভত শীঘ্ৰে যাৱতীয় সকলো চৰকাৰী পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে, যোৱা ৩ জুনত শ্ৰী শ্ৰী বটদ্ৰবা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত বৈষ্ণৱ পণ্ডিতগৰাকীৰ সু-চিকিৎসাৰ বাবে থান পৰিচালনা সমিতিয়ে সকলোখিনি কৰাৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে তেখেতৰ আশু আৰোগ্য কামনা কৰি আশীৰ্বাদ প্ৰদান কৰিছিল।