বোকাখাতত ছাত্ৰ সন্থাৰ বিহু নাচ আৰু ঢোল বাদ্যৰ ১০ দিনীয়া কৰ্মশালা

ৰঙালী বিহুৰ দিন চমু চাপি অহাৰ লগে লগে আকাশ বতাহ মুখৰিত কৰি ৰাজ্যৰ চৌদিশে এতিয়া চলিছে বিহু কৰ্মশালা। আন ঠাইৰ লগতে বোকাখাততো ছাত্ৰ সন্থাৰ উদ্যোগত এক ১০ দিনীয়া বিহু নাচ আৰু ঢোল বাদ্যৰ কৰ্মশালা আৰম্ভ হৈছে।

দেওবাৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা এই কৰ্মশালাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।

সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, কবি সাহিত্যিক নিজৰা বৰঠাকুৰ, সাংবাদিক বুবুল দত্ত, টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক বিজয় ফুকন, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপ ঠাকুৰীয়া, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা দাদুল বৰাৰ লগতে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল।

বোকাখাত ৰাজহুৱা খেলপথাৰত আয়োজিত উক্ত কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷

বিহু সম্ৰাজ্ঞী বন্তি হাজৰিকা বৰুৱা আৰু লোক শিল্পী দেবেন গগৈয়ে কৰ্মশালাৰ প্ৰথম দিনাৰ সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে। দুয়োগৰাকী শিল্পীকে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷