বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত ছাত্ৰীৰ বাবে আয়োজিত স্বাস্থ্য সজাগতা অনুষ্ঠান সম্পন্ন

IMG_20180601_093427

বোকাখাতৰ জে.ডি.এচ.জি. মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত যোৱা ২৯ মে’ত  ছাত্রীসকলৰ বাবে এটি বিশেষ স্বাস্থ্য সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে উদ্বোধন কৰা এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰীসকলে অংশ গ্ৰহন কৰে৷

মহিলাকোষৰ সভাপতি তথা শিক্ষা বিভাগৰ সহযোগী অধ্যাপিকা ৰুলী খনিকৰে পৰিচালনা কৰা এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে মহিলা কোষৰ সম্পাদিকা নিভাননী বৰুৱাই।

স্বাস্থ্য সজাগতাৰ বিশেষ অনুষ্ঠানত  সমল  ব্যক্তি হিচাপে অংশগ্ৰহন কৰে বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা: ৰঞ্জু বেজবৰুবাই। চিকিৎসকগৰাকীয়ে  ছাত্রীসকলৰ মাজত সততে দেখা দিয়া ঋতুজনিত সমস্যা তথা অন্যান্য স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ প্ৰতিৰোধৰ বিভিন্ন উপায় সম্পর্কে ছাত্ৰীসকলক অৱগত কৰে৷

ছাত্ৰীসকলেও অভিজ্ঞ চিকিৎসকগৰাকীৰ সৈতে মত বিনিময় কৰে আৰু নিজৰ নিজৰ সমস্যা সম্পর্কে অৱগত কৰি পৰামর্শ গ্রহণ কৰে। অনুষ্ঠানত দৰিদ্র সীমাৰেখাৰ তলৰ ছাত্ৰীসকলৰ বাবে থকা অসম চৰকাৰৰ চেনিটেৰী নেপকিন যোগান আঁচনিখনৰ বিষয়েও ছাত্ৰীসকলক অৱগত কৰা দেথা যায়৷

অনুষ্ঠানত গোলাঘাট জিলাৰ মাণ্ডলিক মহিলাকোষৰ সভাপতি তথা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ ৰুবী বৰা অনুষ্ঠানত উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে।

ইফালে অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ মানসী ফুফন, শিক্ষক গোটৰ সভাপতি অৰুণ বৰা আৰু মহাবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা, কর্মচাৰীসকলৰ উপৰি প্রায় দুই শতাধিক ছাত্রীয়ে অংশগ্ৰহন কৰে।