ব্যক্তিগতকৰণৰ বিৰুদ্ধে অ’ এন জি চিৰ ত্ৰিপুৰা গোটৰ কৰ্মীৰ ধৰ্ণা

অ’ এন জি চিক ব্যক্তিগত খণ্ডক গতাই দিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে আজি পশ্চিম ত্ৰিপুৰাৰ অ’ এন জি চিৰ কৰ্মৰাচী সংঘই অ’ এন জি চিৰ ত্ৰিপুৰা সম্পদৰ মুখ্য দ্বাৰৰ সন্মুখত এক প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ণ কৰে। অ’ এন জি চি কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক তুষাৰ দত্ত মজুমদাৰে এই সম্পৰ্কত সংবাদ মাধ্যমক জনায় যে ভাৰত পেট্ৰলিয়াম আৰু গেছ কৰ্মচাৰী ফেডাৰেইশ্যনৰ দেশজোৰা প্ৰতিবাদৰ অংশস্বৰূপে আজি অ’ এন জি চিৰ কৰ্মচাৰী সংঘই এই প্ৰতিবাদ সাব্যস্ত কৰিছে। উৎপাদ বৃদ্ধিৰ অজুহাতত নিৰ্দিষ্ট কিছুমান অইল আৰু গেছ ফিল্ডৰ ৬০ শতাংশ অংশ ব্যক্তিগতখণ্ডৰ কোম্পানীক গতাই দিবলৈ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে সকলো কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁ আৰু লগতে অভিযোগ কৰে যে এই প্ৰক্ৰিয়াটো বিগত য়ু পি এ চৰকাৰৰ দিনতে আৰম্ভ কৰা হৈছিল আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত তাক অধিক গুৰুতৰ ৰূপ দিয়া হৈছে। ইয়াৰ দ্বাৰা ব্যক্তিগত খণ্ডক লাভৱান কৰাৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ লোৱা হৈছে বুলিও তেওঁ কয়। অ’ এন জি চিৰ কৰ্মচাৰী সংঘই প্ৰধান মন্ত্ৰীলৈ এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনায় এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অ’ এন জি চি হ’ল এটা লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, যি ৰাষ্ট্ৰীয় কোষাগাৰলৈ বৃহৎ পৰিমাণৰ ধন আনে, আৰু যাৰ বাবেই ইয়াক নৱৰত্ন বুলি কোৱা হয়।