ব্যাপক উচাহ-উদ্দীপনাৰ মাজেৰে পৰিসমাপ্তি ঘটিল সদৌ ছিকিম খ্ৰীষ্টান সন্মিলনৰ

Sikim chief minister Pawan Chamling

ব্যাপক উচাহ-উদ্দীপনাৰ মাজেৰে ৰাজ্যখনৰ সকলো প্ৰান্তৰ পৰা অহা খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে উদযাপন কৰে ৭ ফেব্ৰুৱাৰিত আয়োজিত সদৌ ছিকিম খ্ৰীষ্টান সন্মিলনৰ । দক্ষিণ ছিকিমৰ জোৰেথাং খেলপথাৰত এই সন্মিলনখন আয়োজন কৰা হৈছিল। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পৱন ছামলিঙৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত সন্মিলনখন।

মুখ্য মন্ত্ৰীজনে নিজৰ ভাষণৰ জৰিয়তে সন্মিলনখনত খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে কৰা সকলো দাবী পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে। ৰাজ্যখনত সকলো লোকে নিজৰ নিজৰ ইচ্ছা অনুযায়ী কোনো শংকা নোহোৱাকৈ যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে বুলিও মন্তব্য কৰে। আমাৰ চৰকাৰখনে ৰাজ্যখনত গণতান্ত্ৰিক তথা ধৰ্মনিৰপেক্ষ পৰিৱেশ গঢ়ি তুলিছে।

ইয়াৰ উপৰি তেওঁ ৰাজ্যখনৰ সকলো লোককে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধ ৰক্ষা কৰি চলিবলৈও আহ্বান জনায়।

আনহাতে উক্ত সন্মিলনতে মুখ্য মন্ত্ৰীয়ে তেওঁলোকৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ বিষয়ে অৱগত কৰায়। লগতে চৰকাৰে লোৱা আঁচনি সমূহৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিবলৈ ৰাজ্যখনৰ যুৱ প্ৰজন্মক উৎসাহিত কৰাও পৰিলক্ষিত হয়।

ছিকিমৰ উন্নয়নৰ লগতে ৰাজ্যখনৰ লোক সকলৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ তথা এজন দক্ষ নেতাৰ পৰিচয় দাঙি ধৰা বাবে মুখ্য মন্ত্ৰীজনক সদৌ মণিপুৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ হৈ সন্মিলনখনৰ আয়োজক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপৰি উক্ত সন্মিলনখনতে ছিকিমৰ বিভিন্ন গীৰ্জাসমূহৰ ধৰ্মযাজক সকলকো সম্বৰ্ধনা জনায়।

ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আয়োজিত বৃহৎ সন্মিলনত ছিকিমৰ সকলো খ্ৰীষ্টান লোকসকলে সহায় সহযোগিতা আগবঢ়াই বুলি আয়োজকে জানিবলৈ দিয়ে।

সন্মিলনখনত ৪০০গৰাকী সংগীত শিল্পীয়ে একেলগে গীত পৰিৱেশন কৰে। আনহাতে সমৰ্পন নামৰ এখন অডিঅ’ চিডিয়ো উক্ত অনুষ্ঠানতে মুকলি কৰা হয়।