গুৱাহাটী মহানগৰীৰ নিৱাসী তথা শ্বিলং অ’মেন কলেজত অধ্যয়নৰত মহাশ্বেতা বৰদলৈ নামৰ এগৰাকী যুৱতী বৰ্তমান ব্লাড কেন্সাৰত ভূগি দিচপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ মৃত্যুৰে যুঁজি আছে।
উল্লেখযোগ্য যে বৰ্তমান মহাশ্বেতাৰ গুৱাহাটী আৰু শ্বিলঙৰ সহপাঠী আৰু বন্ধুবৰ্গই মহাশ্বেতাৰ ব্যয়বহুল চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ উদ্দেশ্যে এক অভিযান আৰম্ভ কৰিছে। লগতে তেওঁলোকে ছচিয়েল মিডিয়াৰ জৰিয়তে অসমৰ ৰাইজক ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়।
প্ৰাপ্ত তথ্য মতে মহাশ্বেতাই ২০১৭ চনত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান শ্বিলংস্থিত অ’মেন কলেজত শিক্ষা গ্ৰহণ কৰি আছিল।
মহাশ্বেতাৰ বন্ধুবৰ্গই জনোৱা অনুসৰি অতি প্ৰতিভাশালী যুৱতী মহাশ্বেতা সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক আছিল। তাৰোপৰি মহাশ্বেতা বিহু আৰু তিৱা নৃত্যৰ এগৰাকী প্ৰতিভাৱান নৃত্যশিল্পী আছিল।গতিকে অসমৰ এনেকুৱা এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰ জীৱন ৰক্ষা কৰাতো আমাৰ সকলোৰে দায়িত্ব বুলিও তেওঁলোকে কয়।
আনহাতে ছাত্ৰী গৰাকীৰ সহপাঠী তথা বন্ধুবৰ্গই উলিওৱা এই অভিযানত স্থানীয় ৰাইজে সহযোগিতা আগবঢ়াই ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে দান-বৰঙণি আগবঢ়াই। লগতে ছাত্ৰী গৰাকীৰ সুস্থ হোৱাৰ কামনা কৰি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনায়।
বৰ্তমান সংকটজনক অৱস্থাত থকা ছাত্ৰ গৰাকীৰ উন্নত চিকিৎসাৰ বাবে বহু পৰিমাণে অৰ্থৰ প্ৰয়োজন। গতিকে প্ৰতিভাশলী যুৱতী গৰাকীক অৰ্থিক সহযোগিতা আগবঢ়াবলৈ ইচ্ছুক ব্যক্তিয়ে YOSHODHA BORDOLOI, Account No: 20240804420, IFSC Code: SBIN0004420 নম্বৰত আৰ্থিক দান-বৰঙণি আগবঢ়াব পাৰিব।