ব্ৰহ্মপুত্ৰৰ প্ৰদুষণ আৰু দিশ সলনি সম্পৰ্কত কিৰেণ ৰিজিজুৰ মন্তব্য

ব্ৰহ্মপুত্ৰৰ পানী অন্য দিশে বোৱাই নিয়াৰ সম্ভাৱনীয়তাক  অস্বীকাৰ কৰি বুধবাৰে নতুন দিল্লীত হোৱা এক আলোচনাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুয়ে কয় ‘ব্ৰহ্মপুত্ৰ কোনো নলা নহয় যে ইয়াৰ পানী ইমান সহজে অন্য দিশে বোৱাই নিব পৰা যাব।‘ তেওঁ লগতে উল্লেখ কৰে যে ভাৰতৰ অগোচৰে চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত ইমান বৃহৎ প্ৰকল্প স্থাপন কৰাটো সম্ভৱ নহয়। উল্লেখযোগ্য যে যোৱা কিছু দিন ধৰি চীনে চাংপোৰ ওপৰত বান্ধ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰৰ পানী অন্য দিশে বোৱাই নিব বুলি এক বাতৰি প্ৰচাৰ হৈ আহিছে। ৰিজিজুয়ে এই সম্পৰ্কে কোনো ধৰণৰ শংকা কৰিব লগীয়া কাৰণ নাই বুলি সাংবাদিকক জানিবলৈ দিয়ে। উক্ত বিষয়ৰ লগতে ৰাজ্য মন্ত্ৰী গৰাকীয়ে ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰদূষণ সম্পৰ্কে উল্লেখ কৰি কয় যে গোটেই বিষয়টোক  কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰি আহিছে, সঠিক তথ্য নোহোৱাকৈ বিষয়টোৰ সম্পৰ্কে কোনো ধৰণৰ মন্তব্য কৰাটো উচিত নহয় বুলিও তেওঁ মন্তব্য কৰে।