ব্ৰু শৰণাৰ্থীৰ প্ৰত্যাৱৰ্তন পক্ৰিয়া : গৃহ পৰিক্ৰমা মন্ত্ৰ্যালায়ৰ বিশেষ সচিবৰ শিবিৰ পৰিদৰ্শন

Interaction-with-Bru-refugees.

এম কে সিংলাৰ ব্ৰু শৰণাৰ্থী সৈতে মত বিনিময়

ব্ৰু শৰণাৰ্থীসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে গৃহ ৰাজ্য মিজোৰামলৈ সোনকালে প্ৰত্যাৱৰ্তন কৰিবলৈ শৰণাৰ্থীসকলে জনাই অহা দাবীৰ পৰিপ্ৰেক্ষিতত গৃহ পৰিক্ৰমা মন্ত্ৰ্যালায়ৰ বিষয়াসকলে ঘনাই ব্ৰু শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰি আহিছে।

উল্লেখযোগ্য যে অহা নবেম্বৰৰ পৰা তেওঁলোকৰ প্ৰত্যাৱৰ্তন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া যে মাটিৰ বিবাদক লৈ মিজো সকলৰ সৈতে হোৱা গোষ্ঠিগত সংঘাতৰ ফলত ১৯৯৭ চনৰ পৰা প্ৰায় ৩৫,০০০ ব্ৰু/ৰেয়াং লোকে উত্তৰ ত্ৰিপুৰা জিলাৰ কাঞ্চনপুৰ উপ-সংমণ্ডলৰ শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ আহিছে।

প্ৰত্যাৱৰ্তন পক্ৰিয়াক আৰম্ভ কৰাৰ উদ্দেশ্যে গৃহ পৰিক্ৰমা মন্ত্ৰ্যালায়ৰ (আভ্যন্তৰীণ সুৰক্ষা) বিশেষ সচিব এম কে সিংলাৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ দলে শনিবাৰে উত্তৰ ত্ৰিপুৰা জিলাত অৱস্থিত শৰণাৰ্থী শিবিৰ সমূহ পৰিদৰ্শন কৰে।

কেন্দ্ৰই প্ৰত্যাৱৰ্তন পক্ৰিয়াক পূৰ্ণ সমৰ্থন জনাই বুলি উল্লেখ কৰি সিংলাই কয়, ‘তেওঁলোকক পৰাপক্ষত সকলো প্ৰকাৰে সহায় কৰিবলৈ আমাৰ ফালৰ পৰা প্ৰচেষ্টা চলাই অহাৰ লগতে কেন্দ্ৰয়ো চেষ্টা চলাই আছে। যোৱা ১৯ বছৰ ধৰি শিবিৰত আশ্ৰয় লৈ থকা ব্ৰু শৰণাৰ্থীসকলক লগ পাই মোৰ যথেষ্ট ভাল লাগিছে, তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহ আমি লিখি লৈছো।’

 

শৰণাৰ্থীসকলৰ প্ৰত্যাৱৰ্তনৰ বাবে ১.৩০ লাখ টকা আবণ্টন কৰা হৈছে বুলি জানিবলৈ দি তেওঁ শৰণাৰ্থীসকলক ঘৰ আৰু বিনামূলীয়া ৰেচন প্ৰদান কৰা হ’ব বুলি সদৰী কৰে।

আনহাতে ব্ৰুৰ সম্পাদক দোংগাই কেন্দ্ৰৰ ফালৰ পৰা গ্ৰহণ কৰা উক্ত প্ৰচেষ্টাই তেওঁলোকৰ সমস্যাক সমাধান কৰাৰ লগতে আইনসন্মত দাবীক পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে।

শনিবাৰৰ উক্ত পৰিদৰ্শন কালত জিলাৰ উপায়ুক্তৰ লগতে লুংলেইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত থাকে।