বড়ো সাহিত্য সভাৰ মুছলপুৰ অধিৱেশনৰ আজি তৃতীয় দিন

Bodo culture

বড়ো জনগোষ্ঠীৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ মুছলপুৰ অধিৱেশনৰ আজি তৃতীয় দিন । প্ৰথম দুটা দিনত অসংখ্য লোকৰ সমাগম হোৱা আৰু সকলো কাৰ্যসূচী সূচাৰুৰূপে অনুষ্ঠিত হৈ যোৱা বুলি আয়োজকে জানিবলৈ দিয়ে।

সোমবাৰে অধিৱেশনৰ দ্বিতীয় দিনা বাকসা নৌগৰী ক্ষেত্ৰ লোকে লোকাৰণ্য হৈ পৰে। ‘বড়ো ভাষা বিকশিত হওক’, ‘বড়ো সাহিত্য বিস্তাৰিত হওক’, বড়ো সাহিত্য সভা দীৰ্ঘজীৱি হওক’ আদি ধ্বনিৰে অধিৱেশনস্থলী মুখৰিত হৈ পৰে।

জাক জমকতাৰে আৰম্ভ হোৱা ৫৭ সংখ্যক অধিৱেশনত বড়ো জনগোষ্ঠীৰ ঐতিহ্য-পৰম্পৰা আৰু স্বাভিমান প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়।

মনকৰিবলগীয়া যে মুছলপুৰৰ বাকসা নৌগৰ পৰিণত হৈছে বড়ো-অবড়োৰ সম্প্ৰীতিৰ মিলনভূমি।

উল্লেখ্য যে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, নেপাল, ম্যানমাৰ, বাংলাদেশ, ইণ্ডোনেছিয়াৰ পৰাও বড়োমূলীয় লোকৰ সমাগম ঘটিছে বড়ো সাহিত্য সভাৰ অধিৱেশনলৈ।

অধিৱেশনৰ দ্বিতীয় দিনা আনন্দৰ মাজেৰে বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে। ইয়াৰ পিছতে বড়ো সাহিত্য সভাৰ উপ-সভাপতি কমলাকান্ত মুছাহাৰীয়ে শ্বহিদ তৰ্পণ কৰে।

ইয়াৰ উপৰি ৰাতিপুৱা ৯-৩০ বজাত বড়ো সাহিত্য সভাৰ স্বৰ্গগত বিষয়ববীয়া আৰু কাৰ্যকৰী সদস্যসকলক সুঁৱৰি স্মৃতি তৰ্পণ কৰে অন্য এজন উপ-সভাপতি ৰমেলা ইছলাৰীয়ে।