বৰপেটাত বিশ্ব পৰিৱেশ দিৱস পালন; ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ

World environment day at Barpeta

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা ১০ বজাত বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল কাৰ্যালয়ৰ চৌহদত গছপুলি ৰোপন আৰু চাফাই অভিযান অনুষ্ঠিত হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা উৎপলানন্দ দাসে গছপুলি ৰোপণেৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰে।

কাৰ্যবাহী অভিযন্তা গৰাকীয়ে গছপুলি ৰোপন কাৰ্যসূচীত অংশ লোৱা বিভাগটোৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰসকলক এজোপাকৈ গছপুলি নিজৰ বাসগৃহৰ চৌহদত ৰোপন কৰাৰো আহ্বান জনায়।

গছপুলি ৰোপন আৰু চাফাই অভিযানত উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ঘনশ্যাম কলিতা, সহকাৰী কাৰ্যবাহী অভিযন্তা (টিচি) প্ৰাঞ্জল পাঠক, সংমণ্ডলটোৰ মুখ্য সহায়ক দ্বিজেন্দ্ৰ নাথ দাস, জ্যেষ্ঠ সাংবাদিক দ্বিজেন দাসৰ উপৰি বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰসকলে অংশগ্ৰহণ কৰে।

ইপিনে বৰপেটা জিলাৰ অন্তৰ্গত ১১৭৮ নং দামোৰাবোৱা প্ৰাথমিক বিদ্যালয়খনৰ নৱনিৰ্মিত মুখ্য তোৰণখন উদ্বোধন কৰি বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক একোটাকৈ গছপুলি প্ৰদান কৰে।

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি পুৱাৰে পৰা চেঙা সমষ্টিৰ অন্তৰ্গত নগাঁও শিক্ষা মন্দিৰ হাইস্কুলত চিত্ৰাংকণ, শ্ল’গান আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

একেদৰে সৰ্বশিক্ষা অভিযান মিচন, বৰপেটাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ চি ই ই নৰ্থ-ইষ্ট, সুভম মণিকাঞ্চন আৰু সামাজিক বনানীকৰণৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানতে সৰ্বশিক্ষা অভিযান মিচনৰ তৰফৰ পৰা প্ৰতি বছৰে সাহিত্যিক, সাংবাদিক, চিত্ৰ পৰিচালক-প্ৰকৃতিপ্ৰেমী গনেশ দাসৰ নামত  ‘বিশ্ব পৰিৱেশ দিৱস বঁটা’ প্ৰদান কৰা হ’ব বুলি জিলা আঁচনি বিষয়া নিৰঞ্জন ওজাই সদৰী কৰে।