দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ যোগোৱা অৱদানৰ বাবে ভাৰত চৰকাৰে দিয়া সৰ্বোচ্চ স্বীকৃতিৰ চিন সংগীত নাটক অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত বৰপেটা সত্ৰৰ বৰবায়ন, ভীমাবায়ন বংশৰ জ্যেষ্ঠ বায়ন জগন্নাথ বায়নক আজি বৰপেটাত বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। বৰপেটাৰ বৃহত্তৰ ঠাকুৰ বজাৰ সুৰক্ষা সমিতিয়ে বৰপেটা সত্ৰৰ সন্মুখত বিয়লিৰ ভাগত বিশিষ্ট সত্ৰীয়া শিল্লীজনক সম্বৰ্ধনাৰ বাবে এটা চমু কাৰ্য্যসূচীৰ আয়োজন কৰে।
সম্বৰ্ধনা অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা, ডেকা সত্ৰীয়া নৱজিৎ দাস, কেইবাজনো বিশিষ্ট ব্যক্তি, উদ্যোক্তা সমিতিৰ বিষয়ববীয়াৰ লগতে বহুলোক উপস্থিত থাকে।
উল্লেখযোগ্য যে জগন্নাথ বায়নৰ লগতে ৰাজ্যখনৰ আন দুজন বিশিষ্ট লোক ক্ৰমে সত্ৰীয়া নৃত্যশিল্পী তথা সত্ৰীয়া নৃত্যৰ শিক্ষক ৰামকৃষ্ণ তালুকদাৰ আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদকো ভাৰত চৰকাৰৰ ফালৰ পৰা ২০১৭ৰ সংগীত নাটক অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
স্মৰ্তব্য যে যোৱা ২২ জুনত বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে জগন্নাথ বায়নৰ বৰপেটা চহৰৰ কুজিদ’হাটীস্থিত বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীক সম্বৰ্ধনা জনাইছিল।