বৰপেটা জিলাত চাৰি বছৰত পথ দুৰ্ঘটনাত মৃত্যু ৪২২ গৰাকী লোকৰ

Accident

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যখনত যান-বাহনৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে ৰাজপথসমূহত প্ৰতিদিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। এনেদেৰ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাই ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাকো চুই গৈছে।

বৰপেটা জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰী কৰা মতে, ২০১৪ চনৰ পৰা বিগত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে পথ দুৰ্ঘটনা সন্দৰ্ভত বৰপেটা জিলাত ১৫৬৫ টা গোচৰ ৰুজু হৈছে। আনহাতে এই সময়ছোৱাত ৪২২ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি ২০৫৭ গৰাকী লোক পথ দুৰ্ঘটনাত আহত হয়।

তথ্য অনুসৰি, ২০১৪ চনত পথ দুৰ্ঘটনা সন্দৰ্ভত ৩৭৩ টা গোচৰ ৰুজু হৈছিল। এই বৰ্ষত দুৰ্ঘটনাত মৃত্যু হৈছিল ৮২ গৰাকী লোকৰ আৰু আহত হৈছিল ৫৫৩ গৰাকী লোক। ২০১৫ বৰ্ষত পথ দুৰ্ঘটনা সন্দৰ্ভত ৩৮৩ টা গোচৰ ৰুজু হৈছিল। এই বৰ্ষত দুৰ্ঘটনাত মৃত্যু হৈছিল ১১১ গৰাকী লোকৰ আৰু আহত হৈছিল ৬২৫ গৰাকী লোক। একেদৰে ২০১৬ বৰ্ষত পথ দুৰ্ঘটনা সংখ্যা বৃদ্ধি হৈ ৪০৯ টা গোচৰ ৰুজু হৈছিল। এই বৰ্ষত দুৰ্ঘটনাত মৃত্যু হৈছিল ১০৪ গৰাকী লোকৰ আৰু আহত হৈছিল ৫৪২ গৰাকী লোক।

কিন্তু ২০১৭ বৰ্ষত বৰপেটা জিলাত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই বৰ্ষত পথ দুৰ্ঘটনা সন্দৰ্ভত ৪০০ টা গোচৰ ৰুজু হোৱাৰ উপৰি মৃত্যু হৈছিল ১২৫ গৰাকী লোকৰ। আনহাতে এই দুৰ্ঘটনাত ৩৯৬ গৰাকী লোক আহত হৈ চিকিৎসাধীন হ’ব লগা হৈছিল।

বৰপেটা জিলা পৰিবহণ বিষয়া গৌতম  দাসে জানিবলৈ দিয়া মতে, সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা ৰাজ্যখনৰ চিহ্নিত এঘাৰখন জিলাৰ ভিতৰত বৰপেটা অন্যতম জিলা হিচাপে চিহ্নিত হৈছে। এনে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জিলাখনৰ বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে পৰিবহণ বিভাগে।