বৰলুইতত জাহ যোৱাৰ উপক্ৰম লাহৰীঘাটৰ কেইবা কোটিটকীয়া মথাউৰি : নিৰ্বিকাৰ জলসম্পদ বিভাগ

ATTACHMENT

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত তুলসীবড়িত যোৱা কেইবামাহ ধৰি খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে যদিও জলসম্পদ বিভাগ, স্থানীয় প্ৰশাসন তথা চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

খহনীয়াই নিমিষতে গৃহহাৰা কৰিছে কেইবা শতাধিক পৰিয়ালক। গৃহহাৰা হৈ পৰা লোকসকলে সন্তান আৰু পশুধনসহ কোনোমতে প্ৰাণ ৰক্ষা কৰি চৰকাৰী পথত তথা নিৰ্মীয়মান মথাউৰিত আশ্ৰয় ল’বলৈ বাধ্য হৈ পৰিছে। আনহাতে নৱনিৰ্মিত মথাউৰিত এজাক বৰষুণতে চিঁৰাল ফাট মেলাত অঞ্চলবাসীয়ে তীব্ৰ আতংকত দিন পাৰ কৰিবলগীয়া হৈছে।

প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ লগতে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ অকৰ্মণ্যতাৰ বাবে এনে দুৰৱস্থা হোৱা বুলি সৰ্বত্ৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিগত সময়ছোৱাত বিভিন্ন সময়ত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই লাহৰীঘাটৰ খহনীয়া তথা নতুনকৈ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি প্ৰশাসনক উচিত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল। সকলো মথাউৰিৰ খহনীয়া ৰোধৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছিল যদিও সকলো ফুটুকাৰ ফেন হৈ পৰিল।

মৰিগাঁও জিলাৰ উত্তৰাঞ্চল তথা লাহৰীঘাটত বৰলুইতৰ খহনীয়াই এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। খহনীয়াত এতিয়া চপৰা চপৰে খহিব ধৰিছে বৰলুইতৰ পাৰ। নিতৌ খহনীয়াত জাহ গৈছে ইটোৰ পিছত সিটো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান- প্রতিষ্ঠানৰ লগতে বহু লোকৰ ঘৰ- দুৱাৰ, খেতি-মাটি। যাৰ ফলত বৃহত্তৰ অঞ্চলটোত এতিয়া চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত তুলসীবড়ী গাঁৱত বৰলুইতৰ ভয়াৱহ তাণ্ডৱত এতিয়ালৈকে প্ৰায় ৪০০ ঘৰ লোকে নিজৰ মাটি-ভেটি হেৰুৱাই নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। কেৱল এয়াই নহয়, তুলসীবড়ী গাঁৱত বৰলুইতৰ ভয়াবহ তাণ্ডৱত এতিয়ালৈকে তিনিখনকৈ চৰকাৰী বিদ্যালয়ৰ লগতে গাঁওখনৰ ১২০ বছৰ পূৰণি জামে মজছিদটো জাহ যায় ব্ৰহ্মপুত্ৰৰ বুকুত। ফলত বহু লোকে নিজৰ মাটি ভেটি হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হ’বলগীয়া হৈছে। কিন্তু ইমানৰ পাছতো বৰলুইতৰ খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা নাই জলসম্পদ বিভাগৰ লগতে চৰকাৰ।

উল্লেখযোগ্য যে স্বাধীনতাৰ পাছৰে পৰা লাহৰীঘাটত বৰলুইতে ভয়াৱহ তাণ্ডৱ চলাই গৈছে। কিন্তু আজিলৈ কোনো এখন চৰকাৰে খহনীয়া ৰোধ কৰিবলৈ কোনোধৰণৰ সদিচ্চা প্ৰকাশ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।