বৰ্ধমান বিস্ফোৰণৰ মূল অভিযুক্ত জে এম বিৰ নেতা তালহা শ্বেখ বাংলাদেশত গ্ৰেপ্তাৰ   

২০১৪ চনৰ অক্টোবৰ মাহত পশ্চিমবংগৰ বৰ্ধমানৰ খাগৰাগড়ত সংঘটিত বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তথা জামাত-উল-মুজাহিদীন বাংলাদেশ (জে এম বি)ৰ অন্যতম শীৰ্ষ নেতা তালহা শ্বেখ শুকুৰবাৰে নিশা বাংলাদেশৰ বগুৰা জিলাৰ পৰা গ্ৰেপ্তাৰ হয় বুলি শনিবাৰে গৃহ বিভাগৰ এক শুত্ৰই জানিবলৈ দিয়ে। গৃহ বিভাগে জনোৱা অনুসৰি দুৰ্ধৰ্ষ উগ্ৰপন্থীজন বাংলাদেশ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ যৌথ অভিযানত আটক হয়। উগ্ৰপন্থীজনৰ পৰা এটা বিদেশত নিৰ্মিত পিষ্টল, এটা নাইন এম এম পিষ্টল, সজীৱ গুলীৰ উপৰি বহুতো আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বগুৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সনাতন চক্ৰৱৰ্তীয়ে । জানিব পৰা অনুসৰি ইতিমধ্যে উগ্ৰপন্থীজনক আদালতত হাজিৰ কৰোৱা হৈছে আৰু আদালতে ১০ দিনৰ বাবে আৰক্ষী জিন্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে ধৃত উগ্ৰপন্থী তালাহা শ্বেখে ভাৰতত ২০১৪ চনতে বোমা বিস্ফোৰণ ঘটায় বাংলাদেশলৈ পলায়ণ কৰিছিল। পিছত সন্ধান উলিয়াব নোৱাৰাত প্ৰায় তিনিবছৰ আগতে ভাৰত চৰকাৰে উগ্ৰপন্থী তালাহাক ম’ষ্ট ৱান্টেড হিচাপে ঘোষণা কৰাৰ উপৰি সন্ধান দিওতাক ১০লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল ভাৰতীয় সংস্থা এন আই এ।

মন কৰিবলগীয়া কথা যে বাংলাদেশৰ আৰক্ষীয়ে জনোৱা অনুসৰি এই উগ্ৰপন্থীজনে ২০০২ চনতে জে এন বিত যোগদান কৰিছিল আৰু ২০০৫ চনত বাংলাদেশত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত সক্ৰিয় ভাবে জড়িত আছিল। পিছত আদালতে বিস্ফোৰণত জড়িত থকাৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি বিহিছিল যদিও এই ঘটনা সংঘটিত কৰিয়েই ভাৰতলৈ গোপনে পলায়ন কৰি পশ্চিমবংগত থাকিবলৈ লৈছিল। ভাৰতত থাকিয়েই সংগঠনটো শক্তিশালী কৰাৰ বাবে মনোনিৱেশ কৰিছিল আৰু ২০১৪ চনত পশ্চিমবংগৰ বৰ্ধমানৰ খাগৰাগড়ত বিস্ফোৰণ সংঘটিত কৰিছিল। এতিয়া উগ্ৰপন্থীজনৰ গ্ৰেপ্তাৰৰ পিছত ভাৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।