• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎসৱৰ তাৎপৰ্য কি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 15, 2025 7:51 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৎসৱৰ অৰ্থ কি? উৎসৱৰ উৎস মূলতঃ দুই প্ৰকাৰৰ এটা কৃষি প্ৰধান আৰু আনটো ধৰ্ম প্ৰধান। আৰু এই দুয়োটাৰ চৰিত্ৰ সামূহিক,সাম্প্ৰদায়িক। এইখিনিতে আমি  উৎসৱৰ ভাষাৰ লগত এটা মিল দেখা পাওঁ। ভাষা, মানে শব্দৰ, একোটাহঁত শব্দৰ উৎপত্তি আৰু ব্যুৎপত্তিৰ ইতিহাস বিচাৰ কৰিলে, মূল বিচাৰিলে আমি দেখা পাম যে  এসময়ত বাস্তৱৰ পৰা জীৱনৰ পৰা তাৰ উৎপত্তি হৈছিল। কিন্তু উৎপত্তিহে, সময়ত, বিৱৰ্তন, বিকাশ, প্ৰভাৱৰ দ্বাৰা অপভ্ৰংশহৈ মূলৰ পৰা বিচ্ছিন্নহৈ শব্দ একোটাই এক নিৰ্দিষ্ট আৰু বিমূৰ্ত ৰূপ পৰিগ্ৰহ কৰিছে।

এই বিবৱৰ্তন আৰু পৰিবৰ্তনৰ প্ৰক্ৰিয়া প্ৰবাহমান। উৎসৱবোৰৰ চৰিত্ৰও একেই, সি ধৰ্মীয়ই হওক বা কৃষি প্ৰধানেই হওক। উদাহৰণ হিচাপে বৰদিন, ঈদ, দূৰ্গা পূজাৰ উৎপত্তিলৈ চাওক। আমাৰ বিহুলৈ চাওক- ভোগালী বিহু, ৰঙালী বিহু আৰু কাতি বিহুলৈ। এই উৎসৱ বোৰৰ ধৰণ-কৰণৰ বহু পৰিবৰ্তন হৈছে, কিন্তু তাৰ সামূহিক, সাম্প্ৰদায়িক চৰিত্ৰ নোহোৱা হৈ গৈছেনে? পৰিবৰ্তনৰ যিবোৰ বিজতৰীয়া, নেতিবাচক সেইবোৰ বৰ্জনীয়। যিবোৰ স্বাভাবিক আৰু ইতিবাচক সেইবোৰ গ্ৰহণীয়। কিন্তু আচল কথাটো হৈছে তাৰ সামূহিক, সাম্প্ৰদায়িক চৰিত্ৰটো।

Apply Now

এইবাৰৰ ভোগালী বিহুৰ কেইটামান উদাহৰণ লওঁ। উৰুকাৰ সন্ধিয়া আমাৰ সকলোৰে চিনাকি কবি, সমালোচক, গল্পকাৰ, সাহিত্য অকাডেমী বঁটাৰ মৰ্যাদা থকা সময়ত বঁটা লাভ কৰা হৰেকৃষ্ণ ডেকাই অসমৰ সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইক লগ কৰিবলৈ গৈছিল। মই তেখেতক মোৰ গাড়ীৰে গোহাঁই চাৰৰ ঘৰলৈ লৈ গৈছিলোঁ। মই গোহাঁই চাৰৰ লগত এসময়ত  একেলগে বহু সামাজিক কামত জড়িত আছিলোঁ। এতিয়াও কিছু পৰিমাণে  জড়িত। ঠিক তেনেদৰে শ্ৰীযুত হৰেকৃষ্ণ ডেকাৰ লগত বহুদিনৰে পৰা মোৰ এক আন্তৰিক সম্পৰ্ক। উৰুকাৰ সন্ধিয়া তেওঁলোক দুয়ো যে এক লগ হৈছিল। তেওঁলোক ঠিক উৰুকা বুলি লগ লগা নাছিল যদিও, উৰুকাই তেওঁলোকৰ সন্ধিয়াটো জীপাল কৰি তুলিছিল। বিশেষকৈ শ্ৰীমতী ৰাণী গোহাঁই বাইদেউৰ আন্তৰিকতাপূৰ্ণ আতিথ্যই। তেওঁৰ  আতিথ্যই তাত এটা মাত্ৰা প্ৰদান কৰিছিল। অসমৰ সমাজ জীৱনৰ দুজন পুৰোধা ব্যক্তিৰ মাজৰ সাক্ষাতৰ খবৰটো ছৱিৰে সৈতে সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজে, তেওঁলোক দুয়োজনলৈ যি আন্তৰিকতাপূৰ্ণভাবে ভোগালী বিহুৰ শুভেচ্ছা জনাইছিল সেইটো দেখি হিয়া মন ভৰি যোৱাৰে কথা। এই কাৰণেই কথাটো তাৎপৰ্যপূৰ্ণ যে অসমীয়াৰ এটা গুৰুত্বপূৰ্ণ উৎসৱত দুজন বৰেণ্য অসমীয়াৰ প্ৰতি অসমীয়াই কেনেদৰে সহাৰি জনাইছে সেইটো কেৱল ব্যক্তি দুগৰাকীৰ ব্যক্তিত্বৰ প্ৰতি ৰাইজে প্ৰকাশ কৰা শ্ৰদ্ধা/সন্মানৰে নিদৰ্শন নহয় তাৰ উপলক্ষটোৰ মানে উৎসৱটোৰো, উৰুকাৰো যথোচিত ব্যৱহাৰ।

তেখেতসকল দুয়ো বিখ্যাত ব্যক্তি। কিন্তু আনে  উৰুকা বা মাঘবিহু কেনেদৰে পালন কৰিছে? আপোনালোকে অলপ খবৰ কৰকচোন কি দেখে? মই মোৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোক সকলৰ পৰা কি জানিছোঁ? মোৰ বিহপুৰীয়াৰ বন্ধু শিৱই জনাইছে যে তেওঁলোকৰ চুবুৰীৰ আটাইকেইঘৰ মানুহে মানে ১৫ ঘৰ মানুহ লগ লাগি উৰুকাৰ ভোজ খাইছে। সোণাৰীৰ বন্ধু জয়ন্তই কৈছে যে উৰুকাৰ দিনা তেওঁলোকৰ পৰিয়ালটো বগী বিলৰ ফালে ফুৰিবলৈ গৈ দুপৰীয়াৰ সাজ বাহিৰত খাইছিল। গুৱাহাটীৰ বন্ধু দুদুলমণিয়ে জনাইছে যে তেওঁলোকে উৰুকাৰ ভোজ এপাৰ্টমেন্টৰ আটাইকেইঘৰ মানুহে লগ লাগি খাইছিল। বন্ধু দিব্যই জনাইছে তেওঁলোকে স্বৰ্গীয় কবি হীৰেন ভট্টচাৰ্য আৰু লেখিকা প্ৰীতি বৰুৱাৰ পৰিয়ালৰ লগত একেলগে মাঘবিহুৰ দিনা ভাত এসাজ খাইছিল। মই য’ত থাকো সেই এপাৰ্টমেন্টতো সকলোৱে একেলগে উৰুকাৰ ভোজ খাইছিল আৰু মাঘবিহুৰ জলপানো লগেভাগে উপভোগ কৰিছিল। এই এপাৰ্টমেন্ট বস্তুটো কিন্তু আজিৰ পৰা ৩০/ ৪০ বছৰ আগত অসমত নাছিল। সন্ধিয়া মোৰ ভন্টিজনীয়ে আমাৰ পৰিয়ালৰ গুৱাহাটীত থকা আটাইকে ভাত এসাজ খাবলৈ মাতিছিল। মই মাত্ৰ কেইটামান উদাহৰণহে দিলোঁ। মই জানো আপোনালোক সকলোৱে মোক তেনে অজস্ৰ উদাহৰণ দিব পাৰে। কথাটো হ’ল এইটো যে ভোগালী বিহুটো যে এটা সামূহিক/ সাম্প্ৰদায়িক উৎসৱ সেইটো ওপৰৰ উদাহৰণ কেইটাৰ পৰা আমি জানিলোঁ। পৰিয়ালৰ সম্পৰ্কটো এটা সামূহিক সম্পৰ্ক। পৰিয়াল মানে ইয়াত নিউক্লিয় পৰিয়ালৰ কথা কোৱা হোৱা নাই। বৃহত্তৰ পৰিয়ালৰ কথা কোৱা হৈছে। গতিকে এটা হ’ল পৰিয়াল আৰু আনটো হ’ল সম্প্ৰদায়। সম্প্ৰদায়ৰ পৰিসৰ পৰিয়ালতকৈ ব্যাপক। মানুহ আজি ব্যক্তিকেন্দ্ৰিক। কিন্তু পশু-পক্ষী, গছ-বিৰিখ যেনেদৰে নিজৰ বিকাশ আৰু নিৰপত্তাৰ বাবে জাকপাতি থাকে মানুহেও একালত জাক পাতি থাকিছিল। পশু-পক্ষীৰ কথা আমি দেখিছোঁ। কিন্তু গছ-বিৰিখৰ কথাটো মানে গছেও যে সমাজ পাতি থাকে তাক সুজান্নে চিমাৰ্ডে তেওঁৰ বিখ্যাত কিতাপ ‘Finding The Mother Tree’ত সবিস্তাৰে উল্লেখ কৰিছে। মানুহৰ সামগ্ৰিক বিকাশ আৰু নিৰাপত্তাৰ কাৰণেও সমাজ অপৰিহাৰ্য। সেইটোকে হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ মাজত প্ৰচলিত উৎসৱ বোৰে প্ৰমাণ কৰি আহিছে। তাকলৈ কিমান অধ্যয়ন, গৱেষণা। উৎসৱৰ এই সামূহিক, সমষ্টিগত চৰিত্ৰটো উপলব্ধি কৰাটো অত্যন্ত জৰুৰী। উৎসৱ মানে হ’ল সমূহৰ, সমষ্টিৰ উদযাপন। মাঘবিহুৰ তাৎপৰ্যও সেইটোৱেই।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd