‘ভাৰতত অভিযান্ত্ৰিক পাঠ্যক্ৰমবোৰ বা পাঠ্যসূচীবোৰ প্ৰায় পূৰণি বা অপ্ৰচলিত হৈ পৰিছে’

আজি অলপ সময়ৰ আগেয়ে জালুকবাৰীৰ তেঁতেলীয়াস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰাংগণত অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেইশ্যনৰ (AICTE) আঞ্চলিক কাৰ্য্যালয়ৰ স্থায়ী গৃহৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেইশ্যনৰ সভাপতি অধ্যাপক অনিল ডি সহস্ৰবুধে। কাৰ্য্যসূচীটোত উপস্থিত আছিল অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ অতুল বৰা আৰু অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেইশ্যনৰ আঞ্চলিক কাৰ্য্যালয়ৰ সহকাৰী সঞ্চালক জি এছ নেগি। আধাৰশিলা স্থাপন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি অনিল ডি সহস্ৰবুধে কয় যে ভাৰতত বিশ্ব মানৰ অভিযন্তা সৃষ্টি কৰিবৰ বাবে ভিন্ন অভিযান্ত্ৰিক শিক্ষাৰ পাঠ্যক্ৰমৰ সূচনা কৰা হৈছে। উদ্যোগ জগতখনে আমাক কয়, ‘ভাৰতত অভিযান্ত্ৰিক পাঠ্যক্ৰমবোৰ বা পাঠ্যসূচীবোৰ প্ৰায় পূৰণি বা অপ্ৰচলিত হৈ পৰিছে। স্নাতক পৰ্য্যায়ত যিবোৰ জ্ঞান দি থকা হৈছে সেইবোৰ ১৯৫০-৬০ দশকৰে অথচ আমি এতিয়া একৈচ শতিকাত উপনীত হৈছোহি। গতিকে আমি আই আই টিৰ পৰা বছা বছা শিক্ষক আৰু উদ্যোগ খণ্ডৰ পৰা নিৰ্বাচিত ব্যক্তিক লৈ নতুন আৰু আধুনিক পাঠ্যক্ৰম তৈয়াৰ কৰিছো।’ তেওঁ লগতে কয় যে এই নতুন পাঠ্যক্ৰমৰ বিষয়ে ইতিপূৰ্বে AICTE ৰ ৱেবছাইটত upload কৰা হৈছে আৰু এইবোৰ মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়বোৰে এইবোৰ অনুসৰণ কৰিবলৈ আৰম্ভ কৰি দিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকল বিশ্ব মানৰ হৈ উঠে। এই সম্পৰ্কত অধিক স্পষ্ট কৰি তেওঁ কয়, ‘এইবোৰ এশ শতাংশ অনুসৰণ কৰিব নালাগে, তাৰ পৰিৱৰ্তে পৰ্য্যায়ক্ৰমে ইয়াৰ ৭০-৮০ শতাংশ অনুসৰণ কৰি চাওক আৰু তাৰ পৰা অহা পাৰ্থক্যৰ মূল্যায়ন কৰি চাওক।’

উল্লেখযোগ্য যে ইমান দিনে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেইশ্যনৰ (AICTE) আঞ্চলিক কাৰ্য্যালয়ৰ কাম-কাজ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাই চলি আছে।