ভাৰতত প্ৰতি তিনি মিনিটত এজনকৈ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় : আধা সংখ্যক ভুক্তভোগীৰ আত্মীয়ই নাপায় ক্ষতিপূৰণ

ভাৰতত প্ৰতি তিনি মিনিটত এজনকৈ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। এই ভয়ংকৰ তথ্যত নিজৰ উদ্বেগ প্ৰকাশ কৰি যোৱা ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে চৰকাৰৰ এই সম্পৰ্কীয় স্পষ্ট নীতিহীনতাক জগৰীয়া কৰিছে আৰু লগতে কিছুমান নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে ২০১৪ আৰু ২০১৫ চনত দেশত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ক্ৰমে ১,৩৯, ৬৭১ জন আৰু ১,৪৬,১৩৩ জন। এই তথ্য লাভ কৰাৰ পিছতে শীৰ্ষতম আদালতখনে নিজৰ অসন্তুষ্টি ব্যক্ত কৰে আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশনা দিয়ে। উচ্চতম ন্যায়ালয়ে বিশেষকৈ দিল্লী, অসম, নাগালেণ্ড, ত্ৰিপুৰা আৰু আন দুটা কেন্দ্ৰশাসিত অঞ্চলক এই ক্ষেত্ৰত অতি নীতিহীন বুলি চিনাক্ত কৰে, কাৰণ এইকেইখন ৰাজ্যত কোনো ধৰণৰ পথ নিৰাপত্তা নীতি নাই। ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত ন্যায়মিত্ৰ (amicus curiae) গৌৰৱ আগ্ৰৱালৰ অনুৰোধ গ্ৰহণ কৰি মহামান্য আদালতখনে উপৰোক্ত ৰাজ্যকেইখন আৰু কেন্দ্ৰ শাসিত অঞ্চলকেইটাক অহা ৩১ জানুৱাৰিৰ ভিতৰত এই সম্পৰ্কীয় স্পষ্ট পথ নিৰাপত্তা নীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে ন্যায়ালয়ে এইটোও নিৰ্দেশ দিয়ে যে যিবিলাক ৰাজ্যৰ পথ নিৰাপত্তা পুঁজি নাই, সেইবোৰ ৰাজ্যই ২০১৮ চনৰ ৩১ মাৰ্চৰ ভিতৰত একোটাকৈ পথ নিৰাপত্তা পুঁজি (road safety fund) গঠন কৰিব লাগিব। ন্যায়ালয়ে অধিবক্তা আগ্ৰৱালৰ সৈতে একমতত উপনীত হয় যে দুৰ্ঘটনাৰ এটা প্ৰধান কাৰণ হ’ল পথৰ দুৰৱস্থা, অনুপযুক্ত আৰ্হি আৰু পৰ্য্যাপ্ত পৰিমাণে কেঁকুৰি, চুক আৰু গভীৰতা নথকা, যিবোৰ গুৰুত্বপূৰ্ণ পথ সংযোগত থাকিব লাগে। ন্যায়ালয়ে লগতে এইটো কয় যে কেন্দ্ৰীয় চৰকাৰে পথ নিৰ্মাণ আৰ্হিৰ নিৰ্ধাৰিত নীতিবোৰ পুনৰ পৰ্য্যালোচনা কৰি চাব লাগে। ন্যায়াধীশ মদন বি লকুৰ আৰু দীপক গুপ্তাৰে গঠিত এক বিচাৰপীঠে এই সম্পৰ্কত কয় যে পথ নিৰাপত্তাৰ বাবে আছুতীয়াকৈ প্ৰচুৰ পুঁজি ৰখাৰ পিছতো প্ৰতিবছৰে বৃহৎ সংখ্যক লোকে পথ দুৰ্ঘটনাত মৃত্যুক সাবটি ল’ব লগা হৈছে। বিচাৰপীঠখনে কয়, ‘পথ দুৰ্ঘটনাত প্ৰতি তিনি মিনিটত এজনকৈ লোকৰ মৃত্যু হৈ আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে দুৰ্ঘটনাৰ বলিসকলৰ মাজৰ আধা সংখ্যকৰ পৰিয়ালৰ লোকে ক্ষতিপূৰণ নাপায় (বোধহয় তেওঁলোকে নিজৰ অধিকাৰ সম্পৰ্কত অৱগত নোহোৱা বাবেই)। বিচাৰপীঠখনৰ হৈ ৰায় দি ন্যায়াধীশ লকুৰে পথ নিৰাপত্তা পুঁজি যান-বাহন আইন ভংগকাৰীৰ পৰা সংগ্ৰহ কৰা টকাৰে গঠন কৰাত জোৰ দিয়ে আৰু এই পুঁজি পথ নিৰাপত্তা সম্পৰ্কীয় বিষয়ত খৰচ কৰিব লাগিব। ৰায়টোত লগতে কোৱা হয় যে যিবোৰ ৰাজ্য বা কেন্দ্ৰ শাসিত অঞ্চলে পথ নিৰাপত্তা পুঁজি গঠন কৰা নাই সেইবোৰে অহা ৩১ মাৰ্চৰ ভিতৰত গঠন কৰি তাৰ প্ৰতিবেদন পথ নিৰাপত্তা কমিটিৰ (উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কে এছ ৰাধাকৃষ্ণনৰ নেতৃত্বৰ ) ওচৰত দাখিল কৰিব লাগিব।