ভাৰতীয় তেল নিগমে অসমত আয়োজন কৰিব ‘এল পি জি পঞ্চায়ত’

661345-ioc

অসমত নতুন এলপিজি সংযোগ নিশ্চিত কৰাৰ লগতে ইয়াৰ ব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে ভাৰতীয় তেল নিগম (আই অ’ চি) লিমিটেডে শুকুৰবাৰে ৰাজ্যখনত ২৯৬টা ‘এলপিজি পঞ্চায়ত আয়োজন কৰাৰ বাবে সাজু হৈছে। নিগমৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমক এই কথা জানিবলৈ দিছে।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে গ্ৰাম স্বৰাজ অভিযানৰ অংশ হিচাপে ২০ এপ্ৰিলত ‘উজ্বলা দিৱস’ পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুখ্য কাম কাজৰ ভিতৰত ২৯৬ টা এলপিজি পঞ্চায়তক অন্তৰ্ভুক্ত কৰিব। বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে আইঅ’চিৰ আছাম অইল ডিভিজনৰ মুখ্য মহা প্ৰৱন্ধক উত্তীয় ভট্টাচাৰ্যই।

আইঅ’চিয়ে গ্ৰাম স্বৰাজ অভিযানৰ অধীনত ধোঁৱাবিহীন কৰি তুলিবলৈ অসমৰ ২৭ খন জিলাৰ ৩,০৪২ খন গাঁৱত নতুন এলপিজি সংযোগ নিশ্চিত কৰিব বিচাৰিছে। এই অভিযান যোৱা ১৪ এপ্ৰিলত আৰম্ভ কৰা হৈছিল আৰু অহা ৫ মে’লৈকে চলিব।

অসমত এলপিজি সংযোগৰ মুঠ হাৰ ৬৪.৮ শতাংশ আৰু ই প্ৰায় ৭১.৩৯ লাখ পৰিয়ালক সামৰি লৈছে। যোৱাটো বিত্তীয় বৰ্ষত ১৪.৫০ লাখ নতুন সংযোগ বৃদ্ধি কাৰ হৈছে।

সকলো পৰিয়ালক সংযোগ কৰি সুৰক্ষিত আৰু স্থায়ী এলপিজিৰ ব্যৱহাৰ নিশ্চিত কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ‘সবকা সাথ সবকা বিকাশ’ৰ অধীনত গ্ৰাম স্বৰাজ অভিযান হৈছে এক বিশেষ কাৰ্যসূচী।

‘’ প্ৰতিটো এলপিজি পঞ্চায়তে চুবুৰীয়া অঞ্চলৰ পৰা প্ৰায় ৫০০ মহিলাক গোট খুৱাই আনিব আৰু ইতিমধ্যে এই আঁচনিৰ পৰা উপকৃত হোৱা মহিলাসকলে এলপিজি সংযোগৰ উপযোগিতা আৰু ইয়াৰ সুৰক্ষামূলক ব্যৱস্থাসমূহৰ বিষয়ে অভিজ্ঞতা দাঙি ধৰিব,’’-মুখ্য মহা প্ৰৱন্ধক ভট্টাচাৰ্যই জনায়।