• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলাটো তাৰ লক্ষ্যই আছিল : পৰাগ দাস

সুকৃতি গগৈ, কল্পজ্যোতি শইকীয়া by সুকৃতি গগৈ, কল্পজ্যোতি শইকীয়া
January 30, 2018 5:07 pm
RiyanParag

ৰিয়ান পৰাগৰ মাক আৰু দেউতাক, তেওঁলোকৰ নিজা ঘৰত। ফটো : কল্পজ্যোতি শইকীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

(চলিত অনূৰ্ধ্ব ১৯ বিশ্বকাপত ভাৰতীয় দলৰ হৈ বৰ্তমান নিউজিলেণ্ডত খেলি থকা অসমৰ ৰিয়ান পৰাগৰ মাক-দেউতাকৰ সৈতে NE NOW ৰ এটা সাক্ষাৎকাৰৰ সম্পাদিত অংশ আগ বঢ়োৱা হ’ল। সাক্ষাৎকাৰটো লৈছিল ৩০ জানুৱাৰিত খাৰঘুলিস্থিত তেওঁলোকৰ ঘৰত সুকৃতি গগৈ আৰু কল্পজ্যোতি শইকীয়াই।)
প্ৰশ্ন : ৰিয়ান পৰাগৰ ক্ৰিকেটৰ সৈতে যাত্ৰা কি ধৰণে আৰম্ভ হৈছিল? মাক : পৰাগে আঢ়ৈ বছৰ বয়সৰ পৰাই দেউতাকৰ সৈতে খেলপথাৰত গৈ অনুশীলন কৰিছিল। তাৰোপৰি ১৬ মাহ বয়সৰ পৰা প্লাষ্টিকৰ বেট-বল লৈ খেলিছিল।
ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলাটো তাৰ লক্ষ্যই আছিল।
আজি ইমান ভাল প্ৰদৰ্শন কৰিব পৰা নাই। কিন্তু নিশ্চয়কৈ ফাইনেল খেলত ৰিয়ানে ভাল প্ৰদৰ্শন আগ বঢ়াব বুলি আমি আশাবাদী।

প্ৰশ্ন : ফিটনেছ বৰ্তাই ৰখাৰ বাবে ৰিয়ানে কেনেদৰে গুৰুত্ব প্ৰদান কৰে?
মাক : দৈহিক গঠনৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই। ডেৰ বছৰৰ আগতে তাৰ ওজন বয়সৰ তুলনাত কিছু বাঢ়ি গৈছিল। তাৰ পিছত ওজন কমাবৰ বাবে ketogenic diet টো ব্যৱহাৰ কৰিলো। এই পদ্ধতি ব্যৱহাৰ কৰাৰ পিছত ফিটনেছ ঘূৰি আহিছিল।
খেলৰ আগতে ৰিয়ানে কল, বাদামকে আদি কৰি শক্তিবৰ্ধক খাদ্য গ্ৰহণ কৰে আৰু খেল চলি থকাৰ মাজত প্ৰ’টিন জাতীয় খাদ্য গ্ৰহণ কৰে। বাদাম আৰু, ষ্ট্ৰ’বেৰি খাই বেছি ভাল পায়।
প্ৰশ্ন : ৰিয়ানে আই পি এলত অংশগ্ৰহণ কৰিব পাৰিব নে নাই, সেই কথা আজিৰ খেলখনক লৈ নিৰ্ভৰ কৰিব নেকি?
দেউতাক : নাই নকৰে। ২৭ জানুৱাৰি আৰু ২৮ জানুৱাৰিত প্ৰকাশ পোৱা তালিকাত তাৰ নাম অন্তৰ্ভুক্ত হৈছিল যদিও কোনো দলে তেঁওক ল’বৰ বাবে আগ্ৰহী নহ’ল। মই আই পি এলৰ নিয়ম-নীতিৰ বিষয়ে একো নাজানো, কিন্তু ভবিষ্যতে আশা কৰিছো আই পি এলত অংশগ্ৰহণ সুবিধা পাব।

প্ৰশ্ন : যিহেতু আপুনিও প্ৰাক্তন ৰঞ্জি খেলুৱৈ, গতিকে অসমৰ ক্ৰিকেট জগতখনৰ ওপৰত আপোনাৰ ধাৰণা?
দেউতাক : মই আশা কৰো ভাৰতীয় ক্ৰিকেট দলৰ হৈ অসমৰ পৰা অধিকসংখ্যকে অংশগ্ৰহণ কৰিব পাৰিব। যিহেতু উৰিষ্যা, বিহাৰ, ইত্যাদি ৰাজ্যসমূহৰ পৰা ভাল ভাল খেলুৱৈয়ে ভাৰতীয় ক্ৰিকেট দলৰ হৈ উন্নত প্ৰদৰ্শন কৰি আহিছে। গতিকে, অসমৰ পৰাও ভাল খেলুৱৈয়ে ভাৰতীয় ক্ৰিকেট দলত অংশগ্ৰহণ কৰিব বুলি মই আশাবাদী।
মই ৰিয়ানৰ লগতে জুনিয়ৰ ক্ৰিকেট দলৰ সকলোকে কৈছোঁ চেষ্টা অব্যাহত ৰাখিবৰ বাবে, যাতে সকলোৱে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলাৰ সুবিধা লাভ কৰিব পাৰে।

প্ৰশ্ন : ক্ৰিকেটক বাদ দি ৰিয়ান পৰাগৰ অন্য কি বিষয়ত আগ্ৰহ আছে?
মাক : ৰিয়ানৰ ক্ৰিকেট খেলৰ বাহিৰেও নৃত্যৰ ক্ষেত্ৰত আগ্ৰহ আছে। সি নাচি ভাল পায়। নিউজিলেণ্ডত ক্ৰিকেট খেল চলি থকাৰ মাজতো আজৰি সময়ত লগৰ সকলোৱে তথা প্ৰশিক্ষকেও তেওঁক নাচিবলৈ অনুৰোধ কৰিছিল।
সেয়া ভিডি’অ আকাৰে আমালৈ প্ৰেৰণ কৰিছিল। তাৰোপৰি তেওঁ পঢ়াত আগ্ৰহী, সৰুৰে পৰা উপন্যাস, সাধু, গল্প আদি কিতাপসমূহ অধ্যয়ন কৰাৰ অভ্যাস গঢ়ি তুলিছিল। ইয়াৰৰ উপৰি দুঃসাহসিক কামবোৰৰ লগতে চাইক্লিং কৰি বহুত ভাল পায়।

প্ৰশ্ন : ৰিয়ানৰ শিক্ষাৰ দিশটোৰ বিষয়ে ক’ব নেকি?
মাক : সি যোৱাবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল। আমি আশা কৰাতকৈ বহু বেছি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। সি সামগ্ৰিকভাৱে ৮২ শতাংশ লাভ কৰাৰ লগতে বিজ্ঞান, ইংৰাজী, হিন্দীত ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছিল। পৰীক্ষাৰ ২ দিন আগৰ পৰাহে সি অধ্যায়ন কৰিয়ে এই সফলতা লাভ কৰিছে।

প্ৰশ্ন : ক্ৰিকেটৰ এই যাত্ৰাৰ অসম চৰকাৰৰ ফালৰ পৰা সহায়-সহযোগিতা পাইছে নেকি?
দেউতাক : নাই, বৰ্তমানলৈকে পোৱা নাই। আমি অসম চৰকাৰক কোনো সহায় বিচৰাও নাই।

প্ৰশ্ন : অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰলৈ কিবা আহ্বান আছে নেকি?
দেউতাক : সৰ্বানন্দ সোণোৱালে ক্ৰীড়াৰ ক্ষেত্ৰখনৰ বাবে বহুখিনি অৰিহণা যোগাইছে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰ অহাৰ পিছৰে পৰা অসমত বক্সিং, ফুটবল, বেডমিণ্টনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেল হৈছে। এয়া সৰ্বানন্দ সোণোৱালৰ চৰকাৰ অহাৰ পিছতহে সম্ভৱ হৈছে। এই সুযোগতে সৰ্বানন্দ সোণোৱালক ধন্যবাদ দিব বিচাৰো, কিয়নো তেওঁ ক্ৰীড়াৰ ক্ষেত্ৰত এথলেটিক আৰু অলিম্পিকত সোণৰ পদক লাভ কৰিলে এচি এছ, আই পি এছ বিষয়াৰ পদত পোনপটীয়াকৈ নিযুক্তি দিব বুলি ঘোষণা কৰিছে। এইটো এটা সুন্দৰ পদক্ষেপ বুলি ভাবো, কিয়নো দেশৰ হৈ খেলা খেলুৱৈসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবৰ বাবে কম সময় পায়।

প্ৰশ্ন : যিহেতু আপোনালোক মাক আৰু দেউতাক দুয়োজন সফল ক্ৰীড়াবিদ আছিল, ৰিয়ান খেলুৱৈ হোৱাত আপোনালোকৰ তেজৰ বা বংশগতিৰ কিবা সম্পৰ্ক থকা বুলি ভাবে নেকি?
মাক : হয়, খেল তাৰ তেজতে আছে। সি তেনেকুৱা এটা গুণ লৈয়ে জন্ম হৈছে বুলি ভাবো।

প্ৰশ্ন : ৰিয়ানক লৈ পিতৃ-মাতৃ হিচাপে কেনেকুৱা ধৰণৰ সপোন দেখিছে?
মাক : এজন ভাল ক্ৰিকেটাৰ হোৱাৰ সপোন দেখিছো। বৰ্তমান সিচেষ্টা চলাই আছে। লগতে ভৱিষ্যতে এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলাটো আমি আশা কৰো।

(উল্লেখযোগ্য যে ৰিয়ান পৰাগৰ দেউতাক পৰাগ দাস অসমৰ এজন সফল প্ৰাক্তন ৰঞ্জি খেলুৱৈ হোৱাৰ বিপৰীতে মাক আছিল ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্তৰণবিদ। মাক-দেউতাকৰ মতে শৃংখলা আৰম্ভ হোৱাৰ ৬ দিন আগেয়ে দুখ পোৱা বাবে ৰিয়ানে যিটো উৎসাহ লৈ খেলিছিল আৰু প্ৰদৰ্শন কৰাৰ কথা ভাবিছিল, ১৯ অনুৰ্ধ্ব বিশ্বকাপত সেই প্ৰদৰ্শন কৰিব পৰা নাই। কিন্তু ভৱিষ্যতে আৰু অধিক ভাল প্ৰদৰ্শন কৰিব বুলি আশা ৰাখিছে। ৰিয়ানে এই পৰ্য্যন্ত অনূৰ্ধ্ব ১৯ বিশ্বকাপৰ ৪খন খেলৰ দুখনত বেট ধৰি ক্ৰমে ১৫ আৰু ২ ৰানহে কৰিছে। আনহাতে বলিঙত কিছু সফলতাৰে মুঠ ৩টা উইকেট পাইছে।)

সুকৃতি গগৈ, কল্পজ্যোতি শইকীয়া

সুকৃতি গগৈ, কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd