ভেৰগাঁওৰ মহকুমা আৰক্ষী বিষয়াৰ বিৰূদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ

AASU-road-blockade-570x320

টংলা আছুৰ সম্পাদকক শাৰীৰিকভাৱে অপদস্ত কৰাৰ অভিযোগ তুলি ভেৰগাঁওৰ মহকুমাৰ আৰক্ষী বিষয়া বৰুণ পুৰকায়স্থৰ বিৰূদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে।

আছুৰ সহ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত সংগঠনটোৰ এটা গোট আৰু ওদালগুৰি আছুৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী আৰু সাঘাৰণ সম্পাদক ছইফুল হকে মহকুমা আৰক্ষী বিষয়া পুৰকায়স্থৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ওদালগুৰি জিলা উপায়ুক্তৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে।

মহকুমা আৰক্ষী বিষয়া পুৰকায়স্থ আৰু তেওঁৰ ৰক্ষীসকলে টংলা আছুৰ সম্পাদক ৰিংকু ডেকাক মে’ৰ ৮ তাৰিখে অপদস্ত কৰা অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে।

স্মাৰকপত্ৰখনত কোৱা হৈছে যে যেতিয়াৰে পৰা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পুৰকায়স্থই ভেৰগাঁওৰ মহকুমা আৰক্ষী বিষয়া হিচাপে যেতিয়াৰ পৰাই যোগদান কৰিছে, তেতিয়াৰে পৰাই নিৰাপৰাধ অসমীয়া যুৱকসকলক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ লগতে ভয়ানক পৰিস্থিৰ মুখামুখি হ’ব লাগিব বুলি সঁকিয়নি দি আহিছে।

নেতাগৰাকীক শাৰীৰিকভাৱে অপদস্ত কৰাৰ প্ৰতিবাদত আছুৱে টংলা চাৰি আলিত প্ৰায় ৩ ঘণ্টা যোৰা পথ অৱৰোধ কাৰ্যসূচী পালন কৰে আৰু মহকুমা আৰক্ষী বিষয়াগৰাকীৰ বিৰূদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণকৰাৰ দাবী তোলে। ছাত্ৰ সংগঠনটোৱে আৰু ভেৰগাঁওৰ মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে দখল কৰি থকা গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাটো অনতিপলমে খালি কৰি দিয়াৰ দাবী জনায়।

স্মাৰকপত্ৰৰ প্ৰতিলিপি মুখ্য মন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, অসম মানৱাধিকাৰ আয়োগ, ওদালগুৰিৰ আৰক্ষী অধীক্ষক আৰু  ভেৰগাঁওৰ মহকুমা বিষয়ালৈকে (অসামৰিক) প্ৰেৰণ কৰা হৈছে।

মহকুমা অৰক্ষী বিষয়াগৰাকীৰ বিৰূদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ প্ৰতিবাদী আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিছে ছাত্ৰ সংগঠনটোৱে।