মই হত্যা কৰিছিলো শ্বেতাক : গোবিন্দ

আৰক্ষীয়ে শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ আঁৰৰ আন এক চাঞ্চলক্যৰ তথ্য পোহৰলৈ আহিছে। হত্যাত অভিযুক্ত গোবিন্দ সিংঘালক সোধা-পোছা অব্যাহত ৰখাৰ সময়তে গোবিন্দই নিজ মুখেৰে স্বীকাৰ কৰিছে যে শ্বেতাক তেৱেঁই হত্যা কৰিছিল। আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি সোমবাৰে নিশা শ্বেতা আৰু গোবিন্দৰ মাজত এক কাজিয়াৰ সুত্ৰপাত হৈছিল আৰু প্ৰথম অৱস্থাত দুয়ো তৰ্ক-যুদ্ধত লিপ্ত হৈছিল। কিন্তু পিছলৈ সেই তৰ্কই সংঘাতলৈ ৰূপান্তৰিত হয়। জানিব পৰা মতে হত্যাকাৰী গোবিন্দই শ্বেতাক মূৰৰ পিছফালৰ অংশটো ৱালত প্ৰচণ্ড জোৰত খুন্দিয়াইছিল আৰু শ্বেতা বাগৰি পৰি থিতাতে মৃত্যুক সাবটি লৈছিল।

এই ঘটনা গাপ দিবলৈ তথা ধৰা পৰাৰ ভয়ত শ্বেতাৰ মৃতদেহ বস্তাৰে বান্ধি বাইকত উঠাই জাবৰৰ দমত পেলোৱাৰ কথা ভাবিছিল যদিও পিছত তেওঁ শংকিত হৈ মৃতদেহটো ঘৰৰ পিছফালে লৈ যোৱাৰ কথা ভাবিছিল। কিন্তু সেই সময়তে তেওঁৰ মাতৃ আৰু ভগ্নী ঘৰলৈ আছিল। সেয়েহে হত্যাকাৰী গোবিন্দই মৃতদেহটো বাথৰুমলৈ নি কেৰাচিন ঢালি জ্বলাই দি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল। কিন্তু আৰক্ষীৰ জেৰাত এই সকলোবোৰ কথা নিজ মুখে স্বীকাৰ কৰিছে হত্যাকাৰী গোবিন্দই।

উচ্চতৰ মাধ্যমিকত শীৰ্ষস্থান লাভ কৰা তথা চাৰ্টাৰ্ড একাউনটেণ্ট হোৱাৰ সপোন পুহি ৰখা শ্বেতাক তেওঁৰ অপূৰ্ণ সপোন বুকুত বান্ধিয়ে বিদায় ল’বলৈ বাধ্য কৰিলে আনৰ নৃশংসতাই। শ্বেতাৰ এই বিদায়ক কোনোপধ্যে মানি ল’ব পৰা নাই শ্বেতাৰ পৰিয়ালে। তেওঁলোকে দোষীৰ কঠোৰতম শাস্তি কামনা কৰিছে।