মণিপুৰত শুল্ক বিভাগে জব্দ কৰিলে সোণৰ বিস্কুট

আজি মণিপুৰৰ চাণ্ডেল জিলাত ইম্ফলৰ শুল্ক বিভাগে অভিযান চলাই জব্দ কৰে ১৫৮ খন সোণৰ বিস্কুট। জানিব পৰা মতে উদ্ধাৰ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৭.৭ কোটি টকা হ’ব। সোণখিনিৰ ওজন ২৬.২৬ কি:গ্ৰা:। বৰ্তমান সময়ত শুল্ক বিভাগৰ জিম্মাতে সোণখিনি আছে বুলি জানিব পৰা গৈছে। এক গোপন সূত্ৰৰ পম খেদি শুল্ক বিভাগৰ বিষয়াই এনে বৃহৎ পৰিমানৰ সোণ জব্দ কৰিবলৈ সক্ষম হয়। মণিপুৰৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰে প্ৰায়েই এনে ধৰণৰ সামগ্ৰীৰ লগতে নিষিদ্ধ দ্ৰব্যৰ চোৰাং সৰবৰাহৰ বাতৰি প্ৰায়েই পোৱা যায়। আজিৰ এই অভিযানত বৃহৎ পৰিমানৰ সোণ উদ্ধাৰ কাৰ্য ইম্ফলৰ শুল্ক বিভাগৰ এক ডাঙৰ সাফল্য হিচাপে বিবেচিত হৈছে।