মণিপুৰৰ শল্য চিকিৎসকক বিশেষ সম্বৰ্ধনা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ

doctor

১০ বছৰৰ বিৰতিৰ পাছত জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স চমুকৈ জেএনআইএমএছত সফলভাৱে সম্পন্ন কৰা প্ৰথমটো (open head surgery) মূৰৰ মুকলি অস্ত্ৰোপচাৰৰ বাবে শল্য চিকিৎসক এছ পাৰ্কিনছনক শুকুৰবাৰে বিশেষভাৱে সম্বৰ্ধনা জনায় মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে।

শুকুৰবাৰে মণিপুৰ সচিবালয়ত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সিঙে পাৰ্কিনছন আৰু তেওঁক সহায় সহযোগিতা আগবঢ়ো দলটোক অভিনন্দন জ্ঞাপন কৰে।উল্লেখ্য যে স্নায়ু শল্য চিকিৎসক পাৰ্কিনছন আৰু তেওঁ দলটোক উৎসাহ যোগাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসকগৰাকীক ৫০,০০০ টকাৰ এখন চেকো প্ৰদান কৰে।

অনুষ্ঠানটোত ভাষণ আগ বঢ়াই  শল্য চিকিৎসকগৰাকীয়ে ৮৬ বছৰীয়া এন আনন্দী দেৱী নামৰ ৰোগীগৰাকীৰ মূৰৰ মুকলি অস্ত্ৰোপচাৰ (open head surgery) সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা সংশ্লিষ্ট সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে অনুষ্ঠানটোত স্বাস্থ্য-পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী এল জয়ন্তকুমাৰ সিং, স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ কে ৰাজুকে আদি কৰি অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।

মণিপুৰৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স চমুকৈ জেএনআইএমএছত সফলভাৱে সম্পন্ন এই জটিল অস্ত্ৰোপচাৰ ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ বাবে এক সুখবৰ হিচাপে বিবেচিত হৈছে।ইয়ে মণিপুৰৰ স্বাস্থ্য খণ্ডক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।