মণিপুৰ এন পি এফ নাগালেণ্ডৰটোতকৈ পৃথক দল বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য খাৰিজ জেলিয়াঙৰ

NPF

ক’হিমাত এন পি এফৰ মুখ্য কাৰ্য্যালয়

অসমৰ মন্ত্ৰী তথা বিজেপি নেতৃত্বাধীন নেদা (North East Democratic Alliance)ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ এন পি এফ (Naga People’s Front) দলক নাগালেণ্ডৰ এন পি এফ দল নহয় আৰু ই এক ‘পৃথকে পঞ্জীকৃত দল’ বুলি কৰা মন্তব্যক খাৰিজ কৰিছে নাগালেণ্ডৰ বিদায়ী মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে।

জেলিয়াঙে কয় যে বিজেপিৰ দিল্লীত ৰাষ্ট্ৰীয় কাৰ্য্যালয় থকাৰ দৰে এন পি এফৰ মুখ্য কাৰ্য্যালয় আছে ক’হিমাত। ‘মণিপুৰ এন পি এফ নাগালেণ্ডৰ বিজেপি গোটৰ দৰে এটা গোটহে’ বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকে নিজাকৈ সিদ্ধান্ত ল’ব নোৱাৰে।

মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ এন পি এফক নোলোৱাকৈ নাগালেণ্ডত তেওঁলোকে কেনেকৈ চৰকাৰ কৰিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত শৰ্মাই কৈছিল, ‘মণিপুৰ এন পি এফ এটা পৃথকে পঞ্জীকৃত দল’। ই তেওঁলোকৰ মণিপুৰ চৰকাৰত কোনো প্ৰভাৱ নেপেলাই বুলি উল্লেখ কৰি তেওঁ লগতে কৈছিল যে মণিপুৰ চৰকাৰত এন পি এফ অংশীদাৰী দল হিচাপেই থাকিব।

এন পি এফৰ সৈতে বিজেপিৰ কোনো বুজাবুজি নাই বুলি উল্লেখ কৰি শৰ্মাই কৈছিল যে চৰকাৰ গঠনৰ বাবে ইয়াৰ সৈতে মিত্ৰতা কৰাৰ প্ৰশ্নই নুঠে।

বিজেপিয়ে যোৱা ৫ মাৰ্চত এন পি এফৰ সৈতে ইয়াৰ ১৫ বছৰীয়া মিত্ৰতা শেষ কৰিছিল আৰু নিৰ্বাচন-পূৰ্ব মিত্ৰ এন ডি পি পিৰ সৈতে নাগালেণ্ডত নতুন চৰকাৰ গঠনৰ সিদ্ধান্ত লৈছিল।

নাগাসকলৰ বৃহত্তৰ স্বাৰ্থজৰিত সকলো প্ৰচেষ্টাতে ই নতুন চৰকাৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জেলিয়াঙে নিশ্চিতি দিছিল।