মনোনয়ন পত্ৰ দাখিলৰ পিছত নাগালেণ্ডত আৰম্ভ হৈছে ৰাজনীতিৰ বোকা ছটিওৱা খেল

Neiphiu-Rio-570x320

নেইফিউ ৰিঅ: ফাইল ফটো

নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক পীপলছ পাৰ্টি (এনডিপিপি)ৰ ১১ নং উত্তৰ আংগামী-২ সমষ্টিৰ প্ৰাৰ্থী তথা দলটোৰ প্ৰতিষ্ঠাপক নেতা নেইফিউ ৰিঅ’ৰ বিৰুদ্ধে বুধবাৰে নাগা পীপলছ পাৰ্টি (এনপিএফ)য়ে নিৰ্বাচন আয়োগৰ ওচৰত এক অভিযোগ দাখিল কৰিছে।

এনপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ে অভিযোগ কৰিছে যে ৰিঅ’ৰ সমৰ্থকসকলে এনপিএফৰ প্ৰাৰ্থী চুপ্ফু-অ’ক বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰাত বাধা দিছিল।

এনপিএফৰ সাধাৰণ সম্পাদক এছ এখো লেৰিয়ে নিৰ্বাচন আয়োগৰ প্ৰধান সচিবলৈ (ৰাজনৈতিক দলৰ) সম্বোধন কৰি  লিখা এখন  অভিযোগ পত্ৰত কৈছে যে চুপ্ফু-অ’ক নাৰহামা গাওঁৰ ওচৰত ৰিঅ’ৰ সমৰ্থকসকলে মনোনয়ন পত্ৰ দাখিলত বাধা প্ৰদান কৰিছিল।

লেৰিয়ে লগতে নিৰ্বাচন আয়োগক শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।

চৰকাৰী সূত্ৰই জনোৱা মতে বন্ধ কৰা সময় ৩ বজাৰ ১৫ মিনিট আগেয়ে চুপ্ফু-অ’য়ে মনোনয়ন প্ত্ৰ দাখিল কৰিবলৈ সক্ষম হয়।

ইয়াৰ মাজতে নতুনকৈ গঠন হোৱা এনডিপিপিয়ে  এই অভিযোগৰ প্ৰত্যুত্তৰ দিছে।

নিৰ্বাচন আয়োগৰ প্ৰধান সচিবলৈ লিখা আন এখন পত্ৰত এনডিপিপিয়ে প্ৰকাশ কৰিছে যে চুপ্ফু-অ’ৰ মনোনয়ন দাখিলৰ বাবে যোৱা দলটো এক যানজঁটত কিছুসময়ৰ বাবে আবদ্ধ হৈ পৰিছিল আৰু সেইটো দলীয়া কৰ্মীসকলৰ ইচ্ছাকৃত প্ৰচেষ্টা নাছিল।

পত্ৰখনত লগতে এগৰাকী প্ৰসিদ্ধ ৰাজনীতিক নেইফিউ ৰিঅ’ক ‘অভিযুক্ত’ কৰি এনপিএফে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিব বিচাৰিছে বুলি উল্লেখ কৰিছে।

এনডিপিপিয়ে দোহাৰিছে যে ৰিঅ’ই এগৰাকী প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ বাবে প্ৰযোজ্য নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কে ভালদৰে অৱগত।

এনেধৰণৰ অভিযোগ ‘’ভিত্তিহীন, উদ্দেশ্য প্ৰণোদিত আৰু ৰাজনৈতিক সুবিধা লাভৰ স্বাৰ্থত দলটো আৰু প্ৰাৰ্থীগৰাকীক হেয় কৰাৰ এক প্ৰচেষ্টা,’’ –এনডিপিপিৰ পত্ৰখনত এইদেৰ কোৱা হৈছে।