মন্ত্ৰীদ্বয় পাটোৱাৰী আৰু ভট্টাচাৰ্যৰ দ্বাৰা গুৱাহাটীত শৌচালয় ব্লক উদ্বোধন

toilet-570x320

অসমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই চাৰিটা নতুন শৌচালয় ব্লক উদ্বোধন কৰে। এই শৌচালয় ব্লককেইটা নিগম সামাজিক দায়বদ্ধতাৰ( Corporate Social Responsibility) এক অংশ হিচাপে গুৱাহাটী শোধনাগাৰে নিৰ্মাণ কৰোৱাইছে।

কালি শুকুৰবাৰে এই কাৰ্যসূচীটো ছয় মাইল উৰণীয়া সেতুৰ তলত অনুষ্ঠিত হৈ গৈছে।

গুৱাহাটী শোধনাগাৰে ইয়াৰ প্ৰথম পৰ্যায়ৰ এই ধৰণৰ ৪টা ‘পে এণ্ড ইউজ’ অনাময় শৌচালয় ব্লক ছয় মাইল উৰণীয়া সেতু, গণেশগুৰি উৰণীয়া সেতু আৰু ফাঁচী বজাৰ ব্ৰহ্মপুত্ৰৰ পাৰ আৰু জালুকবাৰী উৰণীয়া সেতুৰ তলত ২০১৭-১৮ চনত নিৰ্মাণ কৰি উলিয়াইছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অনাময়, খোৱা পানী আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৱাহাটী শোধনাগাৰে দেখুওৱা নিগম সামাজিক দায়বদ্ধতাৰ প্ৰশংসা কৰে।

তেওঁ অসমৰ শোধনাগাৰসমূহক সেইবোৰৰ নিগম সামাজিক দায়বদ্ধতাৰ পৰিসৰ বৃদ্ধি কৰি ৰাজ্যখনৰ সকলো লোককে উপকৃত কৰাৰ উদ্যোগ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ো গুৱাহাটী শোধনাগাৰৰ এই জনহিতকৰ উদ্যোগৰ শলাগ লয়।

এই ‘পে এণ্ড ইউজ’ অনাময় শৌচালয়সমূহৰ নক্সা অসম আৰ্হিৰ আৰু ইয়াত পুৰুষ আৰু মহিলাৰ বাবে সুকীয়া সুবিধা আছে। তাৰোপৰি, বিশেষভাৱে সক্ষম লোকৰ বাবে ৰেম্পৰ ব্যৱস্থাও কৰা আছে।

গুৱাহাটী শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক যোগেন বৰপুজাৰীয়ে কৈছে যে স্বচ্চ ভাৰত অভিযানক বাস্তৱায়িত কৰাৰ লক্ষ্যক আগত ৰাখি এই উদ্যোগ গ্ৰহণ কৰা হৈছে।

গুৱাহাটী শোধনাগাৰে এই অনাময় শৌচালয় ব্লককেইটাৰ পৰৱৰ্তী সময়ৰ পৰিচালনা আৰু ৰক্ষণাৱেক্ষণৰ দায়িত্ব গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে।

ব্যৱহাৰকাৰীৰ পৰা লাভ কৰা বৰঙণি আৰু এই টয়লেটসমূহত লগোৱা বিজ্ঞাপনৰ পৰা ৰাজহ সংগ্ৰাহিত কৰা হ’ব আৰু ইয়াৰ পৰাই এই শৌচালয়সমূহৰ পৰিচালনা আৰু ৰক্ষণাৱেক্ষণ কৰা হ’ব।