মহানগৰীত ভূটানৰ বাণিজ্যিক দূতাবাসৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভূটানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী লিঅনপো দামচ’ দৰ্জীয়ে আজি যুটীয়াভাৱে মহানগৰীৰ পাঞ্জাবাৰীত ভূটানৰ বাণিজ্যিক দূতাবাসৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

কাৰ্যালয় উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত সৰ্বানন্দই কয় যে, ‘গুৱাহাটীত ভূটানৰ কনচুলেট জেনেৰেল অফিচ মুকলিৰ জৰিয়তে ভূটান আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটক, তীৰ্থযাত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকল উপকৃত হোৱাৰ উপৰি ইয়াৰ জৰিয়তে অসমৰ লগতে চুবুৰীয়া ৰাজ্য সমূহৰ লগতো ভূটানৰ বন্ধুত্বৰ এনাজৰী অধিক শক্তিশালী হ’ব।‘

ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ‘এডভাণ্টেজ আসাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনত অংশ গ্ৰহণ কৰাৰ বাবে ভাৰতে জনোৱা আমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে ভূটানৰ প্ৰধান মন্ত্ৰী চেৰিং টবগেক ধন্যবাদ জ্ঞাপন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ভাৰত আৰু ভূটানে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰিছে বুলিও কয়।

ভাৰত-ভূটান আৰু ছিংগাপুৰৰ মাজত প্ৰত্যক্ষ বিমানসেৱা ঘোষণা কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে ভূটানৰ প্ৰধান মন্ত্ৰী টবগে আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী দামচ’ দৰ্জীক ধন্যবাদ জ্ঞাপন কৰে। ‘এক্ট ইষ্ট পলিচি’ ৰূপায়ণৰ প্ৰেক্ষাপটত এই পদক্ষেপে আন্তঃমাণ্ডলিক বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

আনহাতে অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভূটানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী দামচ’ দৰ্জীয়ে ভূটানৰ বাণিজ্যিক দূতাৱাসৰ কাৰ্যালয় মুকলিৰ জৰিয়তে অসম আৰু ভূটানৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সম্বন্ধ অধিক সুদৃঢ় কৰিব বুলি কয়। ভাৰত, ভূটান আৰু ছিংগাপুৰৰ মাজত প্ৰত্যক্ষ বিমান সেৱাৰ ঘোষণাই দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক আগবঢ়াই নিব বুলিও লগতে মন্ত্ৰী গৰাকীয়ে কয়।

আজিৰ উদ্বোধনী অনুষ্ঠানটোত ভূটানৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী লেকে দৰ্জী, অসম বিধান সভাৰ উপাধ্যক্ষা দিলীপ কুমাৰ পাল, শ্ৰম আৰু বিনিয়োগ ইত্যাদি বিভাগৰ ৰাজ্যিক মন্ত্ৰী পল্লৱ লোচন দাস, মুখ্য সচিব ভি কে পিপাৰচেনীয়াৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।