আজি আবেলি মহানগৰীৰ উজান বজাৰ অঞ্চলত এগৰাকী যুৱতীয়ে চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰাৰ খবৰ পোৱা গৈছে। লতাশিল আৰক্ষীৰ সূত্ৰই জনোৱা মতে আত্মহত্যা কৰা যুৱতীগৰাকীয়ে মহানগৰীৰ Frankfinn Institute নামৰ প্ৰতিষ্ঠানটোত এয়াৰ হোষ্টেচ পঢ়ি আছিল। পূজা দাস নামৰ যুৱতী গৰাকীৰ ঘৰ বোকাখাতত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীৰ সূত্ৰটোৱে জনোৱা মতে যুৱতীগৰাকী তেওঁৰ বায়েকৰ সৈতে একেটা হোষ্টেলৰ একেটা কোঠাতে আছিল। কিন্তু বায়েক ঘৰলৈ যোৱাত যুৱতীগৰাকী আত্মহত্যাৰ সময়ত কোঠাত অকলে আছিল। খবৰ পোৱা মাত্ৰেই লতাশিল আৰক্ষী আহি দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে জনোৱা মতে এই পৰ্য্যন্ত আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।
আত্মহত্যা সম্পৰ্কীয় কোনো টোকা আদিও উদ্ধাৰ হোৱা নাই।