মহানগৰীৰ ফাঁচিবজাৰস্থিত ৰিভাৰ ভিউ হোটেলত পুৱা ৮ মান বজাত সংঘটিত হৈছে এক অগ্নিকাণ্ড। জানিবপৰা মতে ফাঁচিবজাৰ এছ এছ ৰ ৰোডত অৱস্থিত ৰিভাৰ ভিউ হোটেলত হোৱা এই অগ্নিকাণ্ডত বৰ্তমান সময়লৈকে কোনো লোক হতাহত হোৱা নাই। উৰ্বশী চিনেমা হলৰ সমীপৰ উনফেৰ বজাৰত অৱস্থিত এই হোটেলখনত কিহৰ বাবে জুইৰ সুত্ৰপাত হ’ল এই কথা বৰ্তমান সময়লৈকে নিশ্চিত হ’ব পৰা নাই আৰক্ষী। স্থানীয় লোকে চিলিণ্ডাৰ বিস্ফোৰণ নাইবা শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আগুৰি ধৰাটো পৰিলক্ষিত হৈছে। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া স্বত্বেও পলমকৈ উপস্থিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। বৰ্তমান সময়তো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুওৱাৰ অহৰহ প্ৰচেষ্টা চলাই আছে যদিও বাতৰি সংগ্ৰহৰ সময়লৈকে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জুইৰ সুত্ৰপাত কিদৰে হ’ল সেই বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে । এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ ফাঁচিবজাৰ অঞ্চলতে চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰাটো পৰিলক্ষিত হৈছে।
মহানগৰীৰ ফাঁচিবজাৰৰ মাজ-মজিয়াত অগ্নিকাণ্ড
-
By NE NOW NEWS
- Categories: অসম
Related Content
আই পি এল জুৱা কেলেংকাৰীত গুৱাহাটীত ই ডিৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী তমন্না ভাটিয়া
By
এন ই নাও নিউজ
October 18, 2024 8:46 am
পান্নুন হত্যাৰ ষড়যন্ত্ৰত ভাৰতৰ প্ৰাক্তন RAW ৰ বিষয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰিলে আমেৰিকাই
By
এন ই নাও নিউজ
October 18, 2024 8:11 am
শিক্ষক সমাজক বন্ধা শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ
October 17, 2024 9:16 pm
এইবাৰ অসমত ৰেল দুৰ্ঘটনা! লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টা ডবা লাইনচ্যুত
By
এন ই নাও নিউজ
October 17, 2024 8:27 pm
উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ আপৰ ৰাজ্যিক সভাপতিৰ আদৰণি ; ঐতিহাসিক ৰায় আখ্যা দিলে মনোজ ধানোৱাৰে
By
এন ই নাও নিউজ
October 17, 2024 6:33 pm
নিউজিলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৪৬ ৰানতে অল আউট ভাৰত; শূন্যতে উভতিল ৫ জনকৈ বেটছমেন
By
এন ই নাও নিউজ
October 17, 2024 2:31 pm