মহানগৰীৰ ৰাজপথত সুৰামত্ত যুৱকৰ ফাকুৱা উদযাপনৰ নামত যান-বাহন আইন উলংঘা

ফাকুৱা

আজি মহানগৰীৰ একাংশ উশৃংখল যুৱক-যুৱতীয়ে ৰঙৰ উৎসব ফাকুৱা উদযাপনৰ নামত সুৰামত্ত অৱস্থাৰে মাতাল হৈ যান বাহনৰ আইন উলংঘা কৰি বাইক, স্কুটী চলাই মহানগৰীৰ পদপথত উশৃংখলতা সৃষ্টি কৰে।

যাৰ ফলত যান-বাহন আৰক্ষীয়ে অভিযান চলাই গণেশগুৰিৰ উৰণীয়া সেঁতু সমীপৰ পৰা কেইবাখনো দুচকীয়া বাহন জব্দ কৰে।

যান-বাহন আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে মহানগৰীত একাংশ বাইক আৰোহীয়ে ফাকুৱাৰ উল্লাসত   হেলমেত পৰিধান নকৰাৰ উপৰিও সুৰাপান কৰি বাইক, স্কুটী চলোৱাৰ ফলত বেছিভাগ পথ দুৰ্ঘটনা সংঘটিত হয়, এনে পথ দুৰ্ঘটনা সমূহ প্ৰতিৰোধৰ বাবেই যান বাহন আৰক্ষীয়ে সষ্টম হৈ এই অভিযান হাতত লৈছে ।

উল্লেখ্য যে মহানগৰৰ যান বাহন আৰক্ষীয়ে যদিও কোনো কোনো ঠাইত এই অভিযান চলাইছে কিন্তু সকলো ঠাইতে কঠোৰ দৃষ্টি ৰাখিবলৈ সক্ষম নোহোৱাত চানমাৰি, উজানবজাৰ, কমাৰ্চ পইন্ট, বামুণীমৈদামকে ধৰি কেইবা ঠাইতো ফাকুৱাৰ নামত যুৱ উশৃংখলতা সৃষ্টি হোৱা দেখা যায়।