মহুৰামুখত অনুষ্ঠিত হ’বলগীয়া শংকৰ সংঘৰ অধিৱেশনক লৈ মন্ত্ৰীৰে আলোচনা

শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন ২০২০ চনৰ ফেব্ৰুৱাৰিত বোকাখাত মহকুমাৰ মহুৰামুখৰ দিহিঙীয়া পথাৰত অনুষ্ঠিত হ’ব ৷ আদৰণি সমিতি গঠনৰ পাচত ইতিমধ্যে অধিৱেশনৰ যাৱতীয় কামকাজ আৰম্ভ হৈছে ৷

আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি কেবিনেট মন্ত্ৰী অতুল বৰাৰ সৈতে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু প্ৰধান সম্পাদক বাবুল বৰাই দেওবাৰে বোকাখাতৰ আৱৰ্তভৱনত আলোচনাত মিলিত হৈ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

আলোচনাত অধিৱেশনৰ বিভিন্ন দিশৰ লগতে অধিৱেশনলৈ অহিব লগা ভকত বৈষ্ণৱৰ সুবিধা হােৱাকৈ বাট-পথসমূহ যাতে সােনকালে মেৰামতি বা পুনৰ নির্মাণ হয় তাৰ ওপৰতো দৃষ্টি দিবৰ বাবে সংঘৰ ফালৰ পৰা মন্ত্ৰী অতুল বৰাক অনুৰােধ জনায়।

আনহাতে অধিৱেশনৰ চাৰিওটা দিনত ব্যৱহাৰ হ’ব লগীয়া শাক-পাচলিসমূহ জৈৱিক সাৰৰ দ্বাৰা প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিব বুলি মন্ত্রী অতুল বৰাই আশ্বাস দিয়ে।

আলোচনাৰ সময়ত সংঘৰ ফালৰ পৰা পদাধিকাৰ কমলাকান্ত গগৈ, প্রধান সম্পাদক বাবুল বৰাৰ উপৰিও যুটীয়া সম্পাদক কুশল ঠাকুৰীয়া, সাহিত্য শাখাৰ সম্পাদক মৃণাল কুমাৰ বৰুৱাকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশনৰ কাৰ্যকৰী সভাপতি তথা মন্ত্রী অতুল বৰা সৈতে আদৰণি সমিতিৰ সভাপতি ধর্মেশ্বৰ হাজৰিকা আৰু সাধাৰণ সম্পাদক চন্দ্র কান্ত ভূঞাৰ নেতৃত্বত যোৱা আদৰণি সমিতিৰ এটি দলেও অধিবেশন সন্দৰ্ভত আলোচনাত  মিলিত হয়।

মূল সংঘই অনুমােদন কৰা ২ কোটি ৮০ লাখ টকা ক’ৰ পৰা, কেনেকৈ, কোন উৎসৰ পৰা আহৰণ হ’ব আৰু কেনেদৰে খৰচ কৰা হ’ব তাৰ ওপৰতা বিশদভাৱে আলােচনা কৰা হয়।

লগতে আদৰণি সমিতিয়ে অধিৱেশনখনৰ সফলতাৰ বাবে ৰাজ্যখনৰ সকলোৰে সহায়-সহযোগ, দিহা-পৰামর্শ কামনা কৰিছে।