মাকামৰ ইংৰাজী সংস্কৰণে সমাদৰ পাইছে দিল্লীৰ প্ৰগতি ময়দানত চলি থকা বিশ্ব গ্ৰন্থমেলাত

অসমৰ এগৰাকী যশস্বী সাহিত্যিক, সাহিত্য অকাডেমি বঁটাপ্ৰাপক ড০ ৰীতা চৌধুৰীৰ বহুপঠিত উপন্যাস মাকামৰ ইংৰাজী সংস্কৰণে দিল্লীৰ প্ৰগতি ময়দানত চলি থকা বিশ্ব গ্ৰন্থমেলাত পাঠকসমাজৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। চীনা মূলৰ অসমীয়াসকলৰ জীৱন আধাৰিত, বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত এই নিৰীহ লোকসকলৰ জীৱনে সন্মুখীন হোৱা অমানুষিক নিৰ্যাতন আৰু হাৰাশাস্তি তথা দেশবিহীন অৱস্থাৰ মৰ্মস্পৰ্শী বৰ্ণনা থকা উপন্যাসখন ইতিমধ্যে ৰাজ্য আৰু দেশৰ পাঠকসমাজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। কিন্তু এই উপন্যাসখনে সীমাৰ পৰিধি অতিক্ৰমী বিশ্ব গ্ৰন্থমেলাত ভিন্ন প্ৰান্তৰ পাঠকৰ হৃদয়ত স্থান পোৱাটো অসমীয়া সাহিত্যৰ বাবেই এটা গৌৰৱৰ কথা হৈ পৰিছে।

বহুকেইখন উচ্চ মানৰ আৰু জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা সুলেখিকাগৰাকীয়ে মাকাম বা চাইনাটাউন ডেইজত ইতিহাসৰ পাতত অলিখিত বহু চৰিত্ৰৰ লগতে উক্ত সময়ছোৱাৰ ঘটনাৱলীৰ মাজেৰে অবৰ্ণনীয় পৰিক্ৰমা পাৰ হৈ অহা বাস্তৱৰ চৰিত্ৰকো চিত্ৰায়িত কৰিছে। তেওঁৰ এই উপন্যাসখনৰ প্ৰভাৱৰ ফলতেই এই নিৰ্য্যাতিত মানুহবোৰৰ বিষয়ে দেশৰ পাঠকসমাজ অৱগত হোৱাৰ সুযোগ পাইছে।

উপন্যাসখনত লেখিকাগৰাকীয়ে মূলত উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলত ব্ৰিটিছসকলৰ দিনতে চাহ খেতিৰ শ্ৰমিক হিচাপে আমদানি কৰা চীনামূলৰ মানুহখিনিৰ সৈতে জড়িত হৈ থকা ঐতিহাসিক তথ্যক অৱলম্বন কৰিছে। এতিয়াও সেই মানুহখিনিৰ উত্তৰাধিকাৰী হিচাপে থকা এশৰো অধিক চীনামূলৰ অসমীয়াৰ পৰা প্ৰশ্নোত্তৰ হিচাপে আদায় কৰা কাহিনী-উপকাহিনীক সমল কৰি লোৱা হৈছে।

উল্লেখযোগ্য যে শ্ৰমিক হিচাপে দীৰ্ঘদিন থকা মানুহখিনিৰ সৈতে স্বাভাৱিকভাৱেই ইয়াৰ থলুৱা ভিন্ন জনগোষ্ঠীয় লোকৰ সৈতে বৈবাহিক সম্পৰ্ক হৈছিল। তেওঁলোকে নিজৰ মাজত লগত লৈ অহা মুখৰ ভাষাৰ লগতে থলুৱা ভাষাও ক’বলৈ শিকিছল। ফলত এটা মিশ্ৰিত সামাজিক পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধই তেওঁলোকৰ জীৱনলৈ অজানিতে মাতি আনিছিল অমানিশা। এইদৰে প্ৰব্ৰজিত হোৱা প্ৰায় ১৫০০ চীনামূলৰ লোকক ভাৰতৰ প্ৰশাসনে তাৰ পৰা হঠাতে আঁতৰাই লৈ গৈ বন্দিত্বৰ জীৱন দিলে। তেওঁলোক হঠাতে বিচ্ছিন্ন হৈ পৰিছিল আত্মীয়ৰ সৈতে, সন্তানৰ সৈতে। পিছত এওঁলোকৰ বহুতকে চীনলৈ প্ৰেৰণ কৰা হ’ল তেওঁলোকৰ সন্মতিৰ অবিহনেই আৰু অতি অমানৱীয় ধৰণে। অসমত থাকি যোৱা তেওঁলোকৰ আত্মীয়, সন্তান-সন্ততিৰ সৈতে আজীৱন বিচ্ছিন্ন হৈ থাকিল।

ৰীতা চৌধুৰীৰ উপন্যাসখনে এই মানুহখিনিৰ কৰুণ কাহিনীক পাঠকৰ মাজেৰে সমাজক এটা অৱলোকন দিয়াই নহয়, অসমীয়া সমাজত মানুহখিনিৰ এতিয়াও ৰৈ যোৱা অৱশেষক এক মৰ্য্যাদাও দিলে।

উপন্যাসখনৰ ইংৰাজী সংস্কৰণটো Pan Macmillan India ৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। নতুন দিল্লীত চলি থকা বিশ্ব গ্ৰন্থমেলা (World Book Fair)ত পাঠকৰ সঁহাৰি পোৱাটো লেখিকাগৰাকীৰ লগতে অসমীয়া সাহিত্যপ্ৰেমীকো উৎসাহিত কৰিছে।