• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত আয়োজিত ‘সহায়িকা সমাৰোহ’ত অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 7:24 pm
মুখ্য মন্ত্ৰী
149
VIEWS
Share on FacebookShare on Twitter

‘মহিলা মহা শক্তি। সমাজখনক সুন্দৰ কৰাত ৰাজ্যখনৰ মহিলা সমাজে সবল নেতৃত্ব ল’ব লাগিব। মূল্যবোধৰ আধাৰত সমাজ বৰ্তাই ৰখাৰ বাবে আমাৰ চৰকাৰে সকলো দিশতে পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত মহিলা সকলৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব।’ সোমবাৰে মাজুলীৰ কৰতিপাৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু অসম ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ যৌথ উদ্যোগত তথা মাজুলী প্ৰশাসনৰ সহযোগত জিলা ভিত্তিত আয়োজিত ‘সহায়িকা সমাৰোহ’ত অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে মহিলা সবলীকৰণৰ এই পদক্ষেপৰ দ্বাৰা মাজুলীকে ধৰি অসমৰ প্ৰতিখন জিলাৰ গ্ৰামাঞ্চলৰ মহিলা সকলক উপকৃত কৰাৰ উদ্দেশ্য আগত ৰাখি এনেধৰণৰ ‘সহায়িকা সমাৰোহ’ৰ আয়োজন কৰা হৈছে বুলি কয়।

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে কয় যে ‘মহিলা সকল সকলো দিশতে আগবাঢ়ি গ’লেহে ৰাজ্যখনৰ সামগ্ৰীক উন্নয়ন সম্ভৱ হ’ব। ইয়াৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে কনকলতা মহিলা সবলীকৰণ আঁচনি হাতত লৈছে।’

অনুষ্ঠানত বিধায়ক সকল ক্ৰমে বিমল বৰা, বিনোদ হাজৰিকা, ঋতুপৰ্ণ বৰুৱা, অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ অধ্যক্ষা কৃষ্ণা দাস, অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতি, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী,  অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা, গৃহ বিভাগৰ প্ৰধান সচিব এল এছ চাংচন, সমাজ কল্যাণ বিভাগৰ সচিব মিনাক্ষী সুন্দৰম, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা, অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল।

ইফালে ইয়াৰ পূৰ্বে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰটোত মাজুলীৰ ২০ খন গাঁৱৰ প্ৰায় ১৫০০ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।

আলোচনা চক্ৰটোতে মুখ্য মন্ত্ৰী গৰাকীয়ে মাজুলীৰ ১০ টা আত্মসহায়ক গোটক ‘মহিলা সবলীকৰণ আঁচনি’ৰ অধীনত প্ৰত্যেককে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ লগতে দুগৰাকী মহিলাক আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে।

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd