মাজুলীত বিশ্বকাপৰ উন্মাদনা:  বনগাঁৱত আৰম্ভ জিলা ভিত্তিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

Football match at Majuli

সমগ্ৰ পৃথিৱীৰ লগতে অসমতো ৰাছিয়াত চলি থকা বিশ্বকাপৰ উন্মাদনাৰ মাজতে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীত আৰম্ভ হৈছে জিলা ভিত্তিত ফুটবল প্ৰতিযোগিতা।

দেওবাৰৰ পৰা পূব মাজুলীৰ বনগাঁও আঞ্চলিক তৰুণ সংঘৰ দ্বাৰা আয়োজিত মাজুলী জিলা ভিত্তিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে।

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই অংশ গ্ৰহণ কৰা উদ্ধোধনী খেলৰ অনুষ্ঠানত মাজুলীৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায় আৰু অতিৰিক্ত উপায়ুক্ত নৰেণ দাসো উপস্থিত থাকে।

উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ হিচাপে থকা ৩০ হেজাৰ টকা আগবঢ়াইছে মাজুলীৰ সুযোগ্য সন্তান ডা০ অমৃত শইকীয়াই। দ্বিতীয় পুৰস্কাৰ ২০ হেজাৰ টকা আগবঢ়াইছে মাজুলীৰ আন এগৰাকী সুযোগ্য সন্তান আভ্যন্তৰীণ বিভাগৰ কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীয়ে।

ইয়াৰ উপৰি সুযোগ্য খেলুৱৈৰ বাবে থকা ৫ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়াইছে মাজুলী আছুৰ নেতা দুলাল ভূঞাই আৰু শ্ৰেষ্ঠ গ’ল দাতাৰ বাবে থকা ৩ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়াইছে মাজুলী নিকিখোৱা গাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰদীপ হাজৰিকাই।

প্ৰতিযোগিতাখনৰ প্ৰথম দিনাৰ পৰাই ফুটবল প্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা গৈছে।