মাত্ৰ দুশ টকাত নিজৰ আঠ মহীয়া সন্তানক বিক্ৰী কৰিলে দেউতাকে

দৰিদ্ৰতাই তথা পেটৰ তাড়নাই মানুহক কি পৰ্য্যায়লৈ নিব পাৰে তাৰে এটা চৰম নিদৰ্শন অলপতে দেখা গ’ল পশ্চিম ত্ৰিপুৰাৰ মহাৰাণীপুৰ জিলাৰ টেলীয়ামুৰাছ অঞ্চলত। দৰিদ্ৰতাই কোঙা কৰা অঞ্চলটোৰ এগৰাকী পিতৃয়ে  নিজৰ ৮ মহীয়া সন্তানক পেটৰ ভাতমুঠিৰ কাৰণে মাত্ৰ দুশ টকাতে বিক্ৰীৰ কৰি দিয়ে। কৰ্ণ দেৱবৰ্মা নামৰ পিতৃজনে কয়, ‘মই মোৰ পৰিয়ালটোক খাদ্যৰ যোগাৰ দিবৰ বাবে সন্তানটোক বিক্ৰী কৰিব লগা হ’ল।’ দেৱবৰ্মনে লগতে কয় যে তেওঁ তেওঁক এখন বি পি এল কাৰ্ড আৰু এটা ঘৰ দিবলৈ চৰকাৰক বাৰে বাৰে আবেদন কৰি থকা সত্ত্বেও একো ফল নাই ধৰা। উল্লেখযোগ্য যে তেওঁৰ পৰিয়ালত ৬জন সদস্য আছে। আৰু তেওঁ খৰি-খেৰ আদি বিক্ৰী কৰি জীৱিকা উলিয়ায়। কৰ্ণ দেৱবৰ্মাৰ অৱস্থাটো সম্পৰ্কে এজন স্থানীয় লোক সম্প্ৰী দেৱবৰ্মাই কয়, ‘মই কৰ্ণ দেৱবৰ্মাক ভালদৰে চিনি পাওঁ। তেওঁৰ আৰ্থিক অৱস্থা অতি বেয়া। আনকি তেওঁৰ থকা ঘৰ এটাও নাই। তেওঁ চৰকাৰক এখন বি পি এল কাৰ্ডৰ বাবে কেইবাবাৰো আবেদন কৰিছে, কিন্তু কোনো সুফল পোৱা নাই।’ উল্লেখযোগ্য যে এই বছৰটোৰ ভিতৰতে ত্ৰিপুৰাত দৰিদ্ৰ জনজাতীয় লোকৰ দ্বাৰা নিজৰ সন্তানক বিক্ৰী কৰাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। যোৱা এপ্ৰিল মাহত এগৰাকী জনজাতীয় মহিলাই মাত্ৰ দুশ টকাতে নিজৰ এটি শিশুক এজন অট’চালকৰ হাতত বিক্ৰী কৰিছিল। তাৰ ঠিক কেইদিনমানৰ পাছতে পুনৰ অনুৰূপ ঘটনা ঢলাই জিলাত সংঘটিত হৈছিল। নিজৰ স্বামীৰ চিকিৎসাৰ বাবে মাত্ৰ ১১ দিনীয়া শিশুক ৫ হাজাৰ টকাত বিক্ৰী কৰা বুলি তথ্যত প্ৰকাশ পাইছে। ত্ৰিপুৰাত যোৱা দুবছৰৰ ভিতৰত শিশু বিক্ৰী কৰাৰ দৰে ঘটনা ব্যাপক হাৰত বৃদ্ধি পাই আহিছে।