মাৰ পীপলছ কনভেনশ্বনৰ সৈতে হ’ব শান্তি চুক্তি, গঠন হ’ব নতুন পৰিষদ : মিজোৰামৰ কংগ্ৰেছ নেতা পিয়ানমাৱিয়া

HPC-D

মাৰ উগ্ৰপন্থী দল মাৰ পীপলছ কনভেনশ্বনৰ সৈতে শান্তি স্থাপনৰ পৰ্য্যায়ত থকা আৰু মাৰ এলেকাসমূহত নতুন উন্নয়নৰ সূচনা কৰিব পৰাকৈ এক নতুন পৰিষদ গঠন কৰা হ’ব বুলি মিজো বিধানসভাত আজি ২৯ মাৰ্চত সদৰী কৰে কংগ্ৰেছ বিধায়ক তথা মিজোৰাম চৰকাৰৰ উপ মুখ্য হুইপ আৰ এল পিয়ানমাৱিয়াই।

তেওঁ কয়, ‘চিনলুং পৰিষদ নামে গঠন হ’ব লগা নতুন পৰিষদত পৃথক বাজেট শিতান থাকিব, পৰিষদসমূহ যাতে নতুন আৰ্থিক দিশৰ সাক্ষী হ’ব পাৰে তাৰ বাবে সঠিক পুঁজি যোগান ধৰা হ’ব।’

পূৰ্বে মিজোৰামৰ গৃ্হ মন্ত্ৰী আৰ লালজিৰলিয়ানাই সদনক কৈছিল যে এপ্ৰিলত মাৰসকলৰ সৈতে এক শান্তি চুক্তি কৰা হ’ব।

মিজোৰামৰ কংগ্ৰেছ চৰকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ দাবীত ১৯৮৯ চনত অস্ত্ৰ লোৱা তথা বৰ্তমানৰ ৰাজনৈতিক দল এইচ পি চি (Hmar People’s Convention)ৰ মাজত ১৯৯৪ চনৰ ২৭ জুলাইত স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ বিৰোধিতা কৰি এইচ পি চি (ডি) গঠন হৈছিল।

মণিপুৰ সংলগ্ন উত্তৰ মিজোৰামৰ মাৰ অধ্যূষিত এলেকাসমূহক লৈ ভাৰতৰ সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসিত জিলা সৃষ্টিৰ দাবী কৰিছিল সংগঠনটোৱে।

মাৰসকলৰ বৃহত্তৰ আশা-আকাংক্ষাৰ বিপৰীতে ১৯৯৪ চনৰ শান্তি চুক্তিৰ ফলত গঠিত হোৱা বৰ্তমানৰ SHDC (Sinlung Hills Development Council)ক অধিক স্বায়ত্তশাসন প্ৰদান কৰাতে ২০১৬ চনৰ ১০ আগস্তৰ পৰা আৰম্ভ হোৱা চুক্তিখন সমাপ্ত হোৱাৰ সম্ভাৱনা আছে।