• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিজোৰামত বিজেপিয়ে কংগ্ৰেছক ক্ষতি কৰিব নোৱাৰে : মুখ্য মন্ত্ৰী লাল থানহাওলা

চাংজুৱালা মাৰ by চাংজুৱালা মাৰ
March 9, 2018 8:33 pm
Lal-Thanwala-570x320
92
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ ভিতৰত ছখনতে চৰকাৰ গঠন বা চৰকাৰৰ অংশীদাৰ হ’বলৈ সক্ষম হোৱা বিজেপি এতিয়া আত্মবিশ্বাসৰ তুংগত থকাৰ সময়তে মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাওলাই এন ই নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কৈছে যে ৰাজ্যখনত (মিজোৰামত) কংগ্ৰেছৰ বাবে বিজেপি ভাবুকি হৈ উঠিব নোৱাৰে।

‘মিজোৰামৰ ৰাজনৈতিক দৃশ্যপট সম্পৰ্কত বিজেপিৰ নেতৃত্ব সম্পূৰ্ণ অজ্ঞ। তেওঁলোকে মোক স্বেচ্ছাই মিজোৰামৰ শাসনভাৰ এৰি দিব লগীয়া হ’ব।’ এইদৰে কয় জ্যেষ্ঠ তথা অভিজ্ঞ কংগ্ৰেছ নেতাজনে।

উল্লেখযোগ্য যে এই বছৰৰে শেষৰফালে মিজোৰামত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

মন কৰিব লগীয়া যে নেডা (NEDA)ৰ প্ৰয়াসত উত্তৰ-পূৰ্বাঞ্চলত বিজেপিয়ে চকুত পৰা ধৰণৰ ৰাজনৈতিক উত্থান ঘটাইছে। নিৰ্বাচনী ফলাফলৰ উপৰি সুকীয়া ৰাজনৈতিক কৌশল অৱলম্বনেৰেও দলটোৱে অঞ্চলটোত নিজৰ খোপনি বৃদ্ধি কৰিছে। কিন্তু মিজোৰামত লাল থানহাওলাৰ নেতৃত্বত কংগ্ৰেছ বেছ শক্তিশালী ৰূপত আছে।

‘মিজোৰাম এখন সম্পূৰ্ণ সুকীয়া ক্ষেত্ৰ, এইখন আমাৰ ঘৰুৱা খেলপথাৰ। তেওঁলোকে ইয়াত আমাৰ একো কৰিব নোৱাৰে। মিজোৰামত কংগ্ৰেছৰ বাবে মোদী এক ভাবুকি নহয়।’ পাঁচবাৰৰ মুখ্য মন্ত্ৰীজনে এইদৰে কয়।

উল্লেখযোগ্য যে বিগত ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত ৪০খন আসনৰ ভিতৰত কংগ্ৰেছে ৩২খন আসন লাভ কৰিছিল। বিৰোধী দলৰ সকলোবোৰ শীৰ্ষ নেতাই পৰাজয়ৰ মুখত পৰিছিল।

মিজোৰামৰ ৰাজ্যিক বিজেপিয়ে ৰাজ্যখনৰ মাৰা ডেম’ক্ৰেটিক ফ্ৰণ্টৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতাত উপনীত হোৱাৰ চেষ্টা কৰিছে। কিন্তু এতিয়ালৈকে বিশেষ একো অগ্ৰগতি কৰিব পৰা নাই। বৰং দলটোৰ নেতৃত্বই তেওঁলোকৰ অভ্যন্তৰীণ সংঘাততে ব্যস্ত হৈ পৰা দেখা গৈছে।

‘আমাৰ প্ৰধান প্ৰতিদ্বন্দ্বী কোন হ’ব সেইটো এতিয়া কোৱাটো কিছু আগতীয়া হ’ব, কাৰণ ভিন্ন ৰাজনৈতিক অগ্ৰগতি দেখা গৈছে। কিন্তু এতিয়ালৈকে ৰাজ্যিক বিজেপিয়ে কোনো দলৰ সৈতে এনেকুৱা একো মিত্ৰতাত উপনীত হোৱা নাই, যিটো আমাৰ বাবে ভাবুকি স্বৰূপ হ’ব পাৰে।’ -এইদৰে কয় মিজোৰাম কংগ্ৰেছৰ মিডিয়া বিভাগৰ সভাপতি জেইমছ থাংমিংমাৱাই।

ৰাজ্যখনৰ অন্যান্য কংগ্ৰেছ নেতাসকলৰ দৰে জেমছ থাংমিংমাৱায়ো তেওঁলোকৰ সভাপতি তথা মুখ্য মন্ত্ৰীৰ লাল থাংহাওলাৰ আত্মবিশ্বাসক সমৰ্থন দিয়ে। ‘লাল থানহাওলাৰ সবল নেতৃত্ব সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু ই আমাক বিশ্বাস দিছে।’ তেওঁ কয়।

‘আমি মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ডত যি ফলাফল দেখিলো, সেইটো আচল ফলাফল নহয়, এই ফলাফলত ৰাইজৰ জনাদেশৰ প্ৰতিফলন ঘটা নাই। গেৰুৱা দলে আনৰ মাধ্যমেৰে ক্ষমতা হস্তগত কৰিছে।’ জেইমছে কয়।

উল্লেখযোগ্য যে এতিয়ালৈকে বিজেপিয়ে কোনো দলৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতা নিশ্চিত কৰা নাই যদিও, এই বুলি বাতৰি ওলাই আছে যে দলটোৱে বৃহত্তম আঞ্চলিক দল মিজো নেশ্যনেল ফ্ৰণ্ট (MNF)ৰ সৈতে মিত্ৰতাৰ চেষ্টা চলাই আছে।

Recent News

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd